বিজ্ঞানীৰ পৰিকল্পনাচন্দ্ৰত নিৰ্মাণ হ’ব পথ

0
450


আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ২০৪০ চনত আমেৰিকাত মানৱ বসতিস্থাল স্থাপন কৰিব বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ মহাকাশ সংস্থাসমুহে এতিয়া চন্দ্ৰত অভিযান চলোৱাত গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতেও চন্দ্ৰত মানৱ অভিযান চলোৱাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে৷ চন্দ্ৰৰ উপৰিভাগ ধূলিময়৷ তেনে অৱস্থাত চন্দ্ৰত মানুহ উপস্থিত হোৱাৰ পাছত তাত খোজ কঢ়াত অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত এতিয়া চন্দ্ৰত পথ নিৰ্মাণ কৰাৰ কথাও ওলাইছে৷ শেহতীয়াকৈ বৈজ্ঞানিকসকলৰ এটা দলে চন্দ্ৰত কেনেকৈ পথ নিৰ্মাণ কৰা হ’ব সেই বিষয়ে এক প্ৰতিবেদন আগবঢ়াইছে৷ ছায়েণ্টিফিক পিৰৰ্টাছত প্ৰকাশ পাইছে এই প্ৰতিবেদন৷ তেওঁলোকৰ মতে চন্দ্ৰপৃষ্ঠত থকা ধূলিৰে তাত পথ আৰু মহাকাশযানৰ অৱতৰণস্থলী নিৰ্মাণ কৰিব পৰা যাব৷ এই কামত সৌৰ শক্তি ব্যৱহাৰ কৰিবলৈ বিশাল লেন্স ব্যৱহাৰ কৰিব পৰা যায় বুলি তেওঁলোকে কয়৷ চন্দ্ৰত থকা ধুলিৰ অধিকাংশ হ’ল আগ্নেয়শিলাৰ পৰা হোৱা৷ লাখ লাখ বছৰত এই আগ্নেয় শিলাবোৰ ধুলিত পৰিণত হয়৷ চন্দ্ৰ দেখাত বগা যদিও ইয়াৰ মাটি বাদামী ৰঙৰহে৷ চন্দ্ৰত বায়ু আৰু পানী নথকা হেতুকে তাত থকা ধূলিবোৰ যথেষ্ট ক্ষুৰধাৰ আৰু ই চন্দ্ৰত অভিযান চলাবলগীয়া অভিযানৰ বাবে বিপজ্জনক হৈ পৰিব পাৰে৷ এই ধূলা উশাহৰ সৈতে শৰীৰত প্ৰৱেশ কৰিলে মহাকাশযাত্ৰীৰ হাঁওফাঁওৰ ক্ষতি কৰিব পাৰে৷ ই চন্দ্ৰত অৱতৰণ কৰা লেণ্ডাৰ তথা মহাকাশযাত্ৰীৰ পোছাকৰো ক্ষতি কৰিব পাৰে বুলি কোৱা হৈছে৷ চন্দ্ৰত পথ নিৰ্মাণ কৰি ৰ’ভাৰক ক্ষতিৰ পৰা ৰক্ষা কৰিব পৰা যাব৷ চন্দ্ৰত পথ নিৰ্মাণৰ কাৰণে বিজ্ঞানীসকলে তাত থকা সম্পদক ব্যৱহাৰ কৰিবলৈ বিচাৰিছে৷ সেয়েহে পৃথিৱীত চন্দ্ৰপৃষ্ঠৰ সৈতে সাদৃশ্য থকা মাটিৰে শ্লেব তৈয়াৰ কৰাৰ পৰীক্ষা সম্পন্ন কৰে৷ তেওঁলোকে চন্দ্ৰৰ মাটিৰ সৈতে সাদৃশ্য থকা মাটিআৰু পানীৰ মিশ্ৰণ তৈয়াৰ কৰে আৰু এই মিশ্ৰণেৰে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি এই শ্লেব তৈয়াৰ কৰে৷ অৱশ্যে এই শ্লেববোৰ কিমান শক্তিশালী সেইটো জািনব পৰা হাৱা নাই৷ বিজ্ঞানীসকলৰ মতে, চন্দ্ৰৰ মাটিৰে প্ৰায় ২৫ চেণ্টিমিটাৰ বহল আৰু ২.৫ মিলিমিটাৰৰ টাইল প্ৰস্তুত কৰিব পৰা যায়৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব ৫.৭ ফুট ব্যাসৰ লেন্স৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here