বিজ্ঞানীৰ পূৰ্বাভাস : এই বছৰ সবাতোকৈ বেছি গৰম হ’ব

0
309


এইবাৰ গৰমৰ প্ৰকোপ বৃদ্ধি পাব৷ এপ্ৰিল-মে’ৰ পৰাই যিটো উত্তাপৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য কৰিয়েই বছৰৰ বাকী গ্ৰীষ্মৰ সময়ছোৱাত আৰু অধিক উত্তাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে৷ আনহাতে বিজ্ঞানীসকলে জানিবলৈ দিছে যে সামুদ্ৰিক উষ্ণ বায়ু এল নিনোৰ প্ৰভাৱৰ কাৰণে ২০২৪ চন সাম্প্ৰতিক সময়ৰ উষ্ণতম বছৰ হিচাপে পৰিগণিত হ’ব৷ ইয়াৰ প্ৰভাৱৰ ফলত জলবায়ুৰ পেটাৰ্নলৈ আহিব বৃহৎ পৰিৱৰ্তন৷ তেওঁলোকে কয় যে ইয়াৰ মাজতে এল নিনোৰ প্ৰভাৱ আৰম্ভ হ’ব৷ গড় তাপমাত্ৰাতকৈ দশমিক পাচ বা এক ডিগ্ৰী ছেলচিয়াছ বেছি উষ্ণতাৰ প্ৰশান্ত মহাসাগৰীয় সমুদ্ৰ স্ৰোত দক্ষিণ বা পূবে অগ্ৰসৰ হ’লে যি উষ্ণ তাপমাত্ৰাৰ সৃষ্টি হয়, তাকে এল নিনো বোলা হয়৷ বতৰবিদসকলৰ মতে ইয়াৰ প্ৰভাৱ আগন্তুক বছৰবোৰত দক্ষিণ পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত পৰিব পাৰে৷ আনহাতে এল নিনোৰ প্ৰভাৱৰ বাবে আমেৰিকাত বৰষুণৰ পৰিমাণ বাঢ়িব৷ তাৰ বিপৰীতে বাংলাদেশ, ভাৰতসহ দক্ষিণ এছীয় দেশবোৰত বৰষুণৰ পৰিমাণ যথেষ্ট কমিব৷ এল নিনোৰ প্ৰভাৱৰ কাৰণে যে এই বছৰতে যে তাপমাত্ৰা বাঢ়িব এনে নহয়, অহা পাঁচ বছৰত বিশ্বৰ গড় তাপমাত্ৰা অন্ততঃ দুই ডিগ্ৰীলৈকে বাঢ়িব৷ এই বিষয়টোৰ সত্যতা নিশ্চিত কৰিছে ৱৰ্ল্ড মেটেৰোলজিকেল অৰ্গেনাইজেশ্যনৰ মহাসচিব পেটেৰি তালাছে৷ জানিব পৰা মতে এল নিনোৰ প্ৰভাৱ প্ৰতি দুইৰ পৰা সাত বছৰৰ অন্তৰত ঘটে৷ সাধাৰণতে যি বছৰত এল নিনো হয় তাৰ পৰৱৰ্তী বছৰৰ পৰা অনুভূত হয় তীব্ৰ গৰম৷ ইয়াৰ পূৰ্বে ২০১৫ চনৰ এল নিনোৰ প্ৰভাৱৰ ফলত ২০১৬ চনত তাপমাত্ৰাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here