বিজ্ঞানীৰ নতুন সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান

0
10

সম্প্ৰতি ইউৰোপিয়ান ছাউডাৰ্ন অবজাভেটৰি ভেৰি লাৰ্জ টেলিস্কোপৰ সহায়ত বিজ্ঞানীয়ে নতুন এক সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰিছে৷ পৃথিৱীৰ পৰা আনুমানিক ৫.৯৬ আলোকবৰ্ষ দূৰত্বত এই এক্সো প্লেনেটটোৰ অৱস্থান কৰিছে৷ গ্ৰহটোৰ নাম বাৰ্নাৰ্ড’ছ বি৷ বাৰ্নাৰ্ডছ নামৰ নক্ষত্ৰটোক কেন্দ্ৰ কৰি ঘূৰি আছে এই গ্ৰহটো৷ ইয়াৰ আগেয়ে এই গ্ৰহটোক লৈ আলোচনা হৈছিল যদিও বিজ্ঞানীয়ে নিশ্চিত হ’ব পৰা নাছিল৷ সম্প্ৰতি ভেৰি লাৰ্জ টেলিস্কোপৰ হায়ত বিজ্ঞানীয়ে এই গ্ৰহটোৰ অৱস্থিতি কথা নিশ্চিত হৈ পৰে৷ আনহাতে বিজ্ঞানীয়ে নিবিড়ভাৱে গৱেষণা আৰু পৰ্যবেক্ষণ কৰি কৈছে যে বাৰ্নাৰ্ড’ছ বি গ্ৰহটোত পানী থকাৰ সম্ভাৱনা আছে৷ আনকি বায়ুমণ্ডল আৰু অন্যান্য উপাদানো থাকিব পাৰে৷ বিজ্ঞানীয়ে জনোৱা মতে নক্ষত্ৰটোৰ এনে আৰু তিনিটা গ্ৰহ থাকিব পাৰে৷ কিন্তু হেবিটেবল জ’নত আছে কেৱল এই বাৰ্নাৰ্ড’ছ বি গ্ৰহটোহে৷ এই গ্ৰহটোৰ তাপমাত্ৰা পৃথিৱীৰ দৰে শক্তিশালী নহয় বাবে বিজ্ঞানীয়ে এই গ্ৰহত পানী থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here