ৰবট তথা কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ জীৱনকো প্ৰভাৱিত কৰিব পাৰে৷ আমেৰিকাৰ চেণ্টাৰ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সচেফ্টিৰ সঞ্চালক অধ্যাপক ডেন হেণ্ড্ৰাইক্ছে এই দাবী কৰিছে৷ ডেইলী ষ্টাৰত প্ৰকাশ পোৱা মতে বিজ্ঞানীজনে কয় যে ৰবটে নিজে সেই কাম নকৰে কিন্তু একাংশ বেয়া মানুহে তেনে কামৰ বাবে ৰবটক ব্যৱহাৰ কৰিব পাৰে৷ তেওঁ কয় যে বিশ্বৰ বিভিন্ন দেশৰ গৱেষণাগাৰবোৰত ৰবটৰ ব্যৱহাৰ কৰা হয়৷ এনে অৱস্থাত জেনেটিক ইঞ্জিনিয়াৰিঙৰ জৰিয়তে জৈৱিক অস্ত্ৰ নিৰ্মাণৰ আশংকাও কৰা হৈছে৷ এই জৈৱিক অস্ত্ৰ কৰ’না ভাইৰাছতকৈও ভয়াৱহ হ’ব পাৰে৷ ৰবটৰ দ্বাৰা এই ভয়াৱহ জৈৱিক অস্ত্ৰ, অৰ্থাৎ ভাইৰাছ পৃথিৱীত বিয়পি পৰিব পাৰে৷ অধ্যাপক ডেনৰ মতে, একাংশ দুষ্টবুদ্ধিৰ লোকে মানৱ প্ৰজাতিক ধবংস কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰিব পাৰে৷ কৃত্ৰিম বুদ্ধিমত্তাই নিজে ভাইৰাছ সৃষ্টি কৰাৰ বাবে প্ৰয়োজন হোৱা সা-সঁজুলিৰ অৰ্ডাৰ দিব পাৰে আৰু ইয়াৰ বিকাশ সাধন কৰিব পাৰে৷ এই আশংকাৰ সৃষ্টি হোৱাৰ মূলতে হ’ল কৃত্ৰিম বুদ্ধিমত্তাৰ বোধশক্তিৰ বিকাশ সাধনৰ দিশত আগবঢ়া হৈছে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক মাইকেল উলড্ৰিজৰ মতে অনাগত দিনবোৰত মানুহৰ বৰ্তমানৰ প্ৰযুক্তি কৌশলক কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ ধবংসৰ বাবে ব্যৱহাৰৰ কৰিব পাৰে বুলিও ভবাৰ থল আছে৷ উল্লেখ্য যে কিছুমান প্ৰযুক্তি সহজে ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটেইনৰ দৰে কিছুমান দেশত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ চৰকাৰী নিয়ম কঠোৰ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷