বিজ্ঞানীৰ দাবী : পৃথিৱীৰ উষ্ণতা হ্ৰাস কৰিব বেক্টেৰিয়াই

0
573


পৃথিৱীৰ উষ্ণতা বছৰে বছৰে বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বৰে লাখ লাখ প্ৰভাৱিত হৈছে৷ এই প্ৰত্যাহ্বানৰ সমাধান উলিওৱাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে এইবুলি দাবী কৰিছে যে তেওঁলোকে এনেকুৱা বেক্টেৰিয়াৰ সন্ধান লাভ কৰিছে, যি পৃথিৱীৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰিব৷ মন কৰিবলগীয়া যে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ বাবে সাধাৰণতে বায়ুমণ্ডলত বৃদ্ধি পোৱা কাৰ্বন-ডাই-অক্সাইডক জগৰীয়া কৰা হয়৷ শেহতীয়াকৈ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত কাৰ্বন-ডাই-অক্সাইডতকৈ কেইবাগুণ বেছি অৰিহণা যোগাইছে মিথেইন গেছে৷ তেওঁলোকৰ মতে মিথেইন গেছ কাৰ্বন-ডাই-অক্সাইডৰ তুলনাত ২৫ গুণ অধিক বিপজ্জনক৷ কিন্তু মিথেইন গেছে সৃষ্টি কৰা প্ৰত্যাহবানৰ মোকাবিলা কৰাৰ উপায় বিজ্ঞানীসকলে বিচাৰি উলিয়াইছে৷ তেওঁলোকে দাবী কৰা অনুসৰি এটা বেক্টেৰিয়াৰ জৰিয়তে মিথেইন গেছৰ দ্বাৰা হোৱা পৃথিৱীৰ উষ্ণতা বৃদ্ধিক প্ৰতিৰোধ কৰিব পৰা যাব৷ এই বেক্টেৰিয়াবিধৰ নাম হ’ল মিথান’ট্ৰফ্‌ছ৷ ৰিছাৰ্চ কেলিফৰ্নিয়া ইউনিভাৰ্ছিটি লং বীচে এই বুলি দাবী কৰিছে যে এই বেক্টেৰিয়াৰ সহায়ত বিশ্বৰ উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা মিথেইন গেছৰ পৰিমাণ হ্ৰাস কৰিব পৰা যাব৷ এই বেক্টেৰিয়াবিধে মিথেইন গেছক কাৰ্বন-ডাই-অক্সাইডলৈ সলনি কৰাত সহায় কৰে৷ বেক্টেৰিয়াবিধে বায়ুমণ্ডলত থকা মিথেইন গেছ খায়৷ ফলত বায়ুমণ্ডলত মিথেইন গেছ হ্ৰাস পাবলৈ ধৰে৷ কিন্তু বেক্টেৰিয়াবিধে বৰ্তমান নিচেই কম পৰিমাণৰ মিথেইন গেছহে খাইছে৷ বিজ্ঞানীসকলে কৰা দাবী অনুুসৰি যদিহে বৃহৎ মাত্ৰাত মেথান’ট্ৰফ্‌ছক ব্যৱহাৰ কৰা হয় তেতিয়া বিশ্বৰ উষ্ণতা বৃদ্ধি বহুখিনি ৰোধ কৰিব পৰা যাব৷ মিথেইন গেছ সাধাৰণতে কৃষি, আৱৰ্জনা নষ্ট কৰা প্ৰক্ৰিয়া, কাৰখানা আদিত সৃষ্টি হয়৷ জন্তুৰ জৰিয়তেও বৃহৎ পৰিমাণৰ মিথেইন গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়৷ জাৰ্নাল প্ৰছিডিংছত প্ৰকাশিত এখন গৱেষণা-পত্ৰত উল্লেখ কৰা অনুসৰি এই বেক্টেৰিয়াৰ সহায়ত ২০৫০ চনলৈ বায়ুমণ্ডলৰ পৰা ২৪ কোটি টন মিথেইন গেছ নোহোৱা কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here