বিজ্ঞানীৰ দাবী : কেঞ্চাৰ সৃষ্টি কৰিব পাৰে চি এফ এল বাল্ব-এ

0
451


এটা সময়ত মানুহৰ ঘৰে ঘৰে হালধীয়া ৰঙৰ পোহৰ দিয়া পৰম্পৰাগত বাল্ব লগোৱা হৈছিল৷ কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে নতুন নতুন ধৰণৰ বাল্বৰ আৱিষ্কাৰ কৰা হয়৷ ইয়াৰ ভিতৰত কম্পেক্ট ফ্লৰ’চেণ্ট লেম্প, অৰ্থাৎ চি এফ এল বাল্বো আছে৷ ইয়াৰ পোহৰ বগা যদিও সামান্য নীলা ৰঙো থাকে৷ নিশা চি এফ এল বাল্ব জ্বলোৱাৰ লগে লগে দিনৰ দৰে পোহৰ হৈ পৰে৷ ইয়াৰ লগতে পৰম্পৰাগত হালধীয়া বাŒবতকৈ বিদ্যুতৰ খৰচো কম হয়৷ চি এফ এল বাল্বৰ পৰা লাভ যেনেকৈ হয় তেনেকৈ লোকচানো হয়৷ গৱেষকসকলে কৰা গৱেষণাৰ পৰা এই তথ্য লাভ কৰা হৈছে৷ একাংশ গৱেষকে প্ৰকাশ কৰা অনুসৰি ইয়াৰ পোহৰে কেঞ্চাৰৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে৷ ইজৰাইলৰ হফিফা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী অধ্যাপক আব্ৰাহাম হাইমৰ গৱেষণা পত্ৰ ক্ৰন’বায়’লজি ইণ্টাৰনেশ্যনেল নামৰ বাৰ্তালোচনীত প্ৰকাশ পাইছে৷ ইয়াত অধ্যাপক আব্ৰাহামে কয় যে চি এফ এল বাল্বৰ পোহৰ আমাৰ শৰীৰত পৰাৰ লগে লগে মেলাটনিন নামৰ হৰমন হ্ৰাস পাবলৈ ধৰে৷ এই মেলাটনিনে বিশেষকৈ মহিলাসকলক স্তন কেঞ্চাৰৰ পৰা ৰক্ষা কৰে৷ যিসকল মহিলাই চি এফ এল বাল্ব জ্বলাই নিশা শোৱে তেওঁলোকৰ প্ৰ’ষ্টেট কেঞ্চাৰ হোৱাৰ আশংকা ২২ শতাংশ বৃদ্ধি পায়৷ চি এফ এল বাল্বক লৈ জাৰ্মানিৰ বিজ্ঞানীসকলেও প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ ফেডাৰেশ্যন অব্‌ জাৰ্মান ইঞ্জিনীয়াৰ্ছৰ আন্দ্ৰেজ কিছনাৰৰ মতে চি এফ এল বাল্ব জ্বলালে ইয়াৰ পৰা ষ্ট্ৰীন, ফেনল আৰু নেপথালিনৰ দৰে বিষাক্ত পদাৰ্থ নিৰ্গত হয়৷ ইয়াৰ লগতে এই বাল্ব জ্বলালে ইয়াৰ আশে-পাশে ইলেক্ট্ৰনিক স্মগ দেখা পোৱা যায়৷ এইবিলাক মানুহৰ শৰীৰৰ বাবে অতি বিপজ্জনক৷ বিজ্ঞানীসকলে চি এফ এল বাল্ব বন্ধ কোঠাত নজ্বলোৱাৰ পৰামৰ্শ দিছে৷ ইয়াৰ লগতে মূৰৰ ওপৰতো এনে বাল্ব জ্বলাব নালাগে

LEAVE A REPLY

Please enter your comment!
Please enter your name here