বিজ্ঞানীৰ তথ্য : হিমালয়ৰ উচ্চতা বৃদ্ধি পাই আছে

0
359


বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়ৰ উচ্চতা এতিয়াও বৃদ্ধি পাই আছে৷ হিমালয়ে এতিয়ালৈকে ৬০ শতাংশ উচ্ছতাহে লাভ কৰিছে৷ আন কথাত এতিয়াও ইয়াৰ সৰ্বোচ্চ উচ্চতা পাবলৈ আৰু ৪০ শতাংশ বাকী আছে৷ উল্লেখ্য যে হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল ভাৰত টেক্ট’নিক প্লেটৰ সৈতে চীনা টেক্ট’নিক প্লেটৰ সৈতে সংঘৰ্ষৰ ফলত বুলি কোৱা হয়৷ কিন্তু এতিয়াও হিমালয় পৰ্বতৰ উচ্চতা বৃদ্ধি পাই আছে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় টেক্ট’নিক প্লেট আৰু ইউৰেছিয়ান টেক্ট’নিক প্লেটে পৰস্পৰক চাপ দিয়া আছে, পৰস্পৰৰ সংঘৰ্ষ হৈ আছে৷ দুয়োখন প্লেটৰ মাজত হোৱা সংঘৰ্ষৰ কাৰণে অঞ্চলটোত সঘনাই ভূমিকম্প হৈ আছে৷ এই ভূমিকম্পৰ প্ৰাবল্য কেতিয়াবা বেছি আৰু কেতিয়াবা কম হয়৷ প্ৰকৃততে হিমালয় পৰ্বতৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় আজিৰ পৰা ৬.৩-৬.১ কোটি বছৰৰ আগতে৷ কিন্তু যেতিয়া ইউৰেছিয়ান প্লেটে ভাৰতীয় প্লেটক খুন্দা মাৰে তেতিয়া হিমালয়ে এতিয়াৰ উচ্ছতাৰ আধাখিনি লাভ কৰে৷ আন কথাত পূৰ্বতে উল্লেখ কৰাৰ দৰে কেৱল ভাৰতীয় প্লেট আৰু চীনা প্লেটৰ খুন্দাত হিমালয়ৰ সৃষ্টি হোৱা নাছিল৷ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু গ্ৰহ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডেনিয়েল এনৰিক ইবাৰাই কয় যে পূৰ্বতে এই বুলি কোৱা হৈছিল যে ভাৰত আৰু ইউৰেছিয়ান প্লেটৰ, অৰ্থাৎ দুখন মহাদেশীয় প্লেটে খুন্দা মৰাৰ ফলত হিমালয় পৰ্বতৰ সৃষ্টি হয় আৰু ইমান উচ্ছতা লাভ কৰে৷ কিন্তু নেচাৰ জিয়’ছায়েন্সৰ প্ৰকাশ পোৱা এটা অধ্যয়নত নতুন কথা কোৱা হৈছে৷ অধ্যয়নটোৰ মতে, হিমালয়ে প্ৰায় ৬০ শতাংশ উচ্চতা লাভ কৰে মহাদেশীয় প্লেটে খুন্দা মৰাৰ আগতেই৷ ডেনিয়েলে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ এই অধ্যয়নটোৱে হিমালয়ৰ চৌপাশে পৰিৱেশৰ বিষয়ে বুজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ ইয়াৰ লগতে পুৰণি পৰিৱেশৰ বিষয়েও বুজাত সহায় কৰিব৷ উল্লেখ্য যে হিমালয় পৰ্বতমালাৰ গড় উচ্চতা ২০ হাজাৰ ফুট৷ আনহাতে বিশ্বৰ আটাইতকৈ উচ্চ পৰ্বত মাউণ্ট এভাৰেষ্টৰ উচ্চতা ২৯,০৩২ ফুট৷ বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা অনুসৰি ৬.২ কোটি বছৰৰ আগতে হিমালয়ৰ গড় উচ্ছতা আছিল ১১,৪৮০ ফুট৷ ডেনিয়েলৰ মতে, হিমালয়ৰ প্ৰাৰম্ভিক অৱস্থাৰ উচ্চতা লাভ কৰিছিল ভাৰতীয় প্লেটৰ সামুদ্ৰিক অংশৰ চাপৰ কাৰণে৷ ইয়াৰ ওপৰৰ অংশটোৰ উচ্চতা বৃদ্ধি পালে ভাৰতীয় প্লেটৰ সৈতে ইউৰেছিয়ান প্লেটৰ সৈতে খুন্দা মৰাৰ ফলত৷ ভাৰতীয় প্লেটক ইউৰেছিয়ান প্লেটে খুন্দিওৱাৰ ফলত হিমালয়ৰ উচ্চতা প্ৰায় এক কিল’মিটাৰ বৃদ্ধি পাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here