বিজ্ঞানীসকলে গৱেষণাগাৰত তৈয়াৰ কৰা কৃত্ৰিম ভ্ৰূণৰ অৰ্থাৎ ইঞ্জিনীয়াৰ্ড এব্ৰিয়’ৰ দ্বাৰা বান্দৰক গৰ্ভৱতী কৰাত সফলতা লাভ কৰিছে৷ বান্দৰৰ ষ্টেম চেলৰ পৰা গৱেষণাগাৰত এই ভ্ৰূণৰ সৃষ্টি কৰা হৈছিল৷ ভ্ৰূণ বিকশিত কৰাৰ পাছত ইয়াক বান্দৰৰ গৰ্ভত স্থাপন কৰা হয়৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বান্দৰকেইজনী সঠিক অৱস্থাত আছে৷ বিজ্ঞানীসকলে নিৰ্ধাৰিত ১৪ দিনৰ ভিতৰত ভ্ৰূণৰ বিকাশ সাধন কৰাত সফলতা লাভ কৰিছিল৷ বৰ্তমান মানুহৰ ষ্টেম চেলেৰ পৰা সৃষ্টি কৰা ভ্ৰূণ গৰ্ভত স্থাপন কৰাটো সম্ভৱপৰ নহয় আৰু গৱেষণাগাৰত সৃষ্টি কৰা ভ্ৰূণৰ বিকাশৰ বিয়য়ে অধ্যয়ন কৰি থাকিব পৰা নাযাব৷ সেয়েহে ক্ৰেব ইটিং মকাও প্ৰজাতিৰ বান্দৰক লৈ এই পৰীক্ষা চলোৱা হয়৷ বিজ্ঞানীসকলে ভ্ৰূণ সৃষ্টিৰ বাবে এই প্ৰজাতিৰ বান্দৰৰ ষ্টেম চেল লৈছিল৷ গৱেষণাগাৰত কৃত্ৰিমভাৱে সৃষ্টি কৰা ভ্ৰূণক ব্লাষ্টইড বুলি কোৱা হৈছে৷ ইয়াক সাধাৰণতে শৰীৰত মজুত থকা ব্লাষ্ট’ছিট্ছ নামৰ ষ্টেম চেলৰ পৰা উলিওৱা হয়৷ মানুহৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো লেহেম হয়৷ এই কৃত্ৰিম ভ্ৰূণ আঠজনী বান্দৰৰ গৰ্ভত স্থাপন কৰা হৈছিল৷ প্ৰতিজনী বান্দৰক ৯-১০টা ব্লাষ্টয়ডৰ জৰিয়তে গৰ্ভৱতী কৰোৱা হয়৷ ইয়াৰ পাছত বান্দৰকেইজনীৰ ওপৰত চকু ৰখা হৈছিল৷ একেৰাহে কুৰি দিন নিয়মীয়াকৈ আলট্ৰাছাউণ্ড কৰাৰ লগতে হৰমন পৰীক্ষাও কৰি থকা হৈছিল৷ বিজ্ঞানীসকলৰ মতে, বান্দৰকেইজনীৰ গৰ্ভত ভ্ৰূণৰ সঠিক দিশত বিকাশ হৈ আছে আৰু সিহঁত গৰ্ভৱতী হোৱাৰ সকলো লক্ষণ দেখা পোৱা গৈছে৷