বিজ্ঞানীৰ কৃতিত্ব : একেলগে ১৯খন তাৰকাৰাজ্যৰ ফটো

0
427

বিশ্বৰ ডেৰশজন বিজ্ঞানীয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেম্‌ছ ৱেব দূৰবীণ ব্যৱহাৰ কৰি মহাকাশৰ এক অভূতপূৰ্ব তথ্য লাভ কৰিছে৷ এই বিজ্ঞানীসকলে জেম্‌ছ ৱেব দূৰবীণৰ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰি একেলগে ১৯খন তাৰকাৰাজ্যৰ ফটো লাভ কৰে৷ এই তাৰকাৰাজ্যবোৰ পৰস্পৰৰ পৰা সম্পূৰ্ণ পৃথক আছিল৷ এই ফটোৰ জৰিয়তে তাৰকাৰাজ্যৰ কেনেকৈ সৃষ্টি হয় সেই তথ্যও লাভ কৰিছে তেওঁলোকে৷ ১৫০জনতকৈ অধিক জ্যোতিৰ্বিদে ‘ফিজিক্স এট হাই এংগুলাৰ ৰিজ’লিউশ্যন ইন নিয়েৰবাই গেলেক্সী’ কাৰ্যসূচীৰ অধীনত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল৷ নিজে তোলা এই ফটোবোৰ দেখি বিজ্ঞানীসকল স্বয়ং আচৰিত হৈ পৰিছিল৷ ইয়াৰ কাৰণ হ’ল তাৰকাৰাজ্যবোৰ সৰ্পিল আকাৰৰ হোৱাৰ লগতে ইখনৰ লগত সিখনৰ কোনো মিল নাই৷ জেম্‌ছ ৱেবৰ সঁজুলিবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ কাৰণেই সেইটো সম্ভৱ হোৱা বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰে৷ ইয়াৰ পৰা তেওঁলোকে তাৰকাৰাজ্যৰ লগতে ইয়াত থকা গ্ৰহ, নক্ষত্ৰ আদিৰ সৃষ্টি কেনেকৈ হয় সেই বিষয়ে তথ্য লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে৷ এই তাৰকাৰাজ্যবোৰ সৰ্পিল আকাৰৰ আৰু দেখাত এটা প্ৰকাণ্ড চকৰিৰ দৰে৷ ইয়াত থকা সুমথিৰা ৰঙৰ লাইনে ধূলিক সূচাইছে বুলি কোৱা হৈছে৷ এই ফটোসমূহ লাভ কৰা হয় জেম্‌ছ ৱেবৰ মিড-ইনফ্ৰাৰেড ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে৷ বিজ্ঞানীসকলে এই ফটোবোৰৰ জৰিয়তে ভালেমান বিশাল আকাৰৰ নক্ষত্ৰৰ তথ্যও লাভ কৰিছে৷ এই ফটোবোৰৰ ভিতৰত পৃথিৱীৰ পৰা প্ৰায় ২.৪ কোটি আলোকবৰ্ষ দূৰৈৰ এন জি চি ৭৪৯৬ নামৰ এখন তাৰকাৰাজ্যও আছে৷ ইয়াৰ লগতে একেবাৰে মুকলি অঞ্চলত থকা এখন বিশাল তৰাকাৰাজ্যৰ ফটোও ইয়াত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here