বিজ্ঞানীয়ে জনালে : মঙল গ্ৰহত বসন্তৰ আগমন

0
11

ভাৰতবৰ্ষত শীতকাল পাৰ হৈ বসন্ত কালৰ প্ৰস্তুতি চলিছে৷ বিশ্বৰ প্ৰায়ভাগ দেশতে এই সময়ত বসন্ত ঋতু আগমনৰ প্ৰস্তুতি চলিছে৷ এই ক্ষেত্ৰত মহাবিশ্বত অৰ্থাৎ মহাশূন্যত বসন্ত কাল আহিয়েই গৈছে৷ মহাবিশ্বৰ ৰঙা গ্ৰহ অৰ্থাৎ মঙল গ্ৰহত বসন্ত কাল আৰম্ভ হৈছেই৷ মঙল গ্ৰহৰ দক্ষিণ মেৰুৰ এক দৃশ্যই বুজাই দিছে ইয়াত আগমন ঘটা বসন্ত ঋতুৰ বতৰা৷ মঙলক শীতৰ সময়ত ক্ৰমে বৰফ জমা হৈছিল৷ জানি হয়তো আচৰিত হ’ব যে এই বৰফৰ আচ্ছাদন সৃষ্টি পানীৰ পৰা নহয়, মঙলত থকা কাৰ্বন-ডাই-অক্সাইডৰ পৰা এই বৰফৰ উৎপত্তি হৈছে৷ কাৰণ মঙল গ্ৰহৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে আছে কাৰ্বন-ডাই-অক্সাইড৷ শীত অহাৰ লগে লগে এই কাৰ্বন-ডাই-অক্সাইড মঙলত জমা হৈ বৰফৰ পাহাৰৰ সৃষ্টি কৰে৷ মঙলৰ দক্ষিণ মেৰু অঞ্চলত এইধৰণৰ বৰফ যথেষ্ট জমা হয়৷ তেনে অৱস্থাত মঙলৰ ৰঙা পাথৰৰ ওপৰত এই কাৰ্বন-ডাই-অক্সাইডৰ দ্বাৰা সৃষ্ট বৰফৰ স্তৰ পৰে৷ এই অঞ্চলত কাৰ্বন-ডাই-অক্সাইডৰ পৰা সৃষ্টি হয় ড্ৰাই আইচৰ স্তৰ৷ সেই স্বচ্ছ বৰফৰ স্তৰে সলনি কৰে ইয়াৰ চেহেৰা৷ উল্লেখ্য যে মহাকাশ গৱেষণা সংস্থা নাছাৰ ৰিকনেছেন্স অৰ্বিটাৰে পঠোৱা ছবিবোৰৰ পৰা এই কথা বুজা গৈছে৷ অৰ্বিটাৰে পঠোৱা ছবিসমূহত দেখা গৈছে সেই বৰফৰ স্তৰৰ কিছু কিছু অঞ্চলৰ পৰা ফোৱৰাৰ দৰে গেছ আৰু ধূলিয়ে আৱৰি থকাৰ দৃশ্য আৰু ইয়াৰ পৰাই বিজ্ঞানীয়ে নিশ্চিত হৈছে যে মঙলৰ বসন্তৰ আগমন ঘটিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here