সূৰ্যৰ বুকুত এক শক্তিশালী বিস্ফোৰণ হোৱা বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এই বিস্ফোৰণ যোৱা ৫ বছৰৰ ভিতৰত চতুৰ্থ, আটাইতকৈ শক্তিশালী৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি সূৰ্যপৃষ্ঠৰ সক্ৰিয় মণ্ডল ৩৬৭৬ত বিস্ফোৰণৰ পাছত সৌৰশিখা ওলোৱা দেখা পোৱা গৈছে৷ ৰাছিয়ান বিজ্ঞান একাডেমিৰ মহাকাশ গৱেষণা সংস্থা মহাকাশ বিজ্ঞান গৱেষণাগাৰে নিজৰ ৱেবছাইটত এই ঘটনাৰ বিষেয়ে প্ৰকাশ কৰিছে৷ তেওঁলোকৰ মতে, এই বিস্ফোৰণ হয় সূৰ্য-পৃথিৱী কক্ষৰ পৰা দূৰৰ সৌৰপৃষ্ঠত৷ বিজ্ঞানীসকলে এই বিস্ফোৰণক এক্স-২.৬ শ্ৰেণীত ৰাখিছে৷ ইয়াৰ অৰ্থ হ’ল ই যোৱা পাঁচ বছৰৰ ভিতৰত চতুৰ্থ আটাইতকৈ শক্তিশালী বিস্ফোৰণ৷ অৱশ্যে, ইয়াৰ ফলত পৃথিৱীত প্ৰভাৱ পৰাৰ আশংকা নিচেই কম বুলি তেওঁলোকে লগতে প্ৰকাশ কৰে৷ অৱশ্যে, বিস্ফোৰণৰ ফলত ওলোৱা সৌৰশিখাৰ পৰা নিৰ্গত হোৱা তীব্ৰ বেগী আধানযুক্ত কণাই মহাকাশ যানক প্ৰভাৱিত কৰিব পাৰে৷ চৌম্বকীয় ধুমুহা বা জ্যোতিৰ্বলয় দেখা পোৱাৰ সম্ভাৱনা প্ৰায় নাই৷ কিছু দিনৰ আগতে একেটা স্থানতে এক্স-৩.৩ শ্ৰেণীৰ বিস্ফোৰণ হৈছিল৷ উল্লেখযোগ্য যে যোৱা ১ জানুৱাৰীত সূৰ্যত যোৱা পাঁচ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বিস্ফোৰণ হৈছিল৷ ইয়াৰ প্ৰাবল্য আছিল এক্স-৫.০৷