বিজ্ঞানীয়ে ক’ত আৱিষ্কাৰকৰিলে হায়ল’চিটাৰ্ছ টল্‌কিনী

0
223


জীৱ বিজ্ঞানীৰ দল এটাই ইকুৱেডৰৰ হাবিত ষ্টীম ফগৰ এটা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ কৰিছে৷ এই ভেকুলীটোৰ চকুকেইটা পাতল হালধীয়া ৰঙৰ আৰু ভৰিৰ আঙুলিত সোণালী ৰঙৰ দাগ আছে৷ গৱেষকৰ দলে এইধৰণৰ প্ৰজাতিৰ ভেকুলী প্ৰথমবাৰৰ বাবে দেখি হলিউডৰ চিনেমা দ্য লৰ্ড অব দ্য ৰিংছৰ সংযোজিত কৰে৷ বিজ্ঞানীসকলে এই নতুন প্ৰজাতিৰ ভেকুলীটোৰ নাম দিয়ে দ্য হেবিত আৰু দ্য লৰ্ড অব দ্য ৰিংছৰ লেখক জে আৰ আৰ টলকিনৰ নামেৰে হায়ল’চিটাৰ্ছ টল্‌কিনী৷ ইকুৱেডৰৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰতিষ্ঠানৰ সহযোগী গৱেষক ডিয়েগো এফে কয় যে এই ভেকুলীটোৰ ৰং আচৰিত ধৰণৰ৷ ভেকুলীটো দেখিলে এনে লাগে যেন ই কল্পনাৰ পৃথিৱীতহে থাকে৷ তথ্য অনুসৰি ভেকুলীটোৰ ২.৬ ইঞ্চি দীঘল৷ ছাইবৰণৰ গাত ক’লা ৰঙৰ দাগ আছে৷ ভেকুলীটোৰ ডিঙি, পেট আৰু ভৰিৰ আঙুলিবোৰ সোণালী ৰঙৰ৷ বিজ্ঞানীসকলে এই ভেকুলীটো প্ৰথমবাৰৰ বাবে দেখা পায় ৰিয়’ নেগ্ৰ’ ছপ্লাডৰা ৰাষ্ট্ৰীয় উদ্যানত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here