বিজ্ঞানসন্মত পদ্ধতিৰ পিয়লতভাৰতত ৭১৮টা স্ন’ লেপাৰ্ডৰ তথ্য

0
175


দেশৰ বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে সুখবৰ৷ ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান প্ৰথমবাৰৰ বাবে সম্পাদন কৰা বিজ্ঞানসন্মত পদ্ধতিৰ পিয়লত ভাৰতত ৭১৮টা স্ন’ লেপাৰ্ড পোৱা গৈছে৷ নতুন দিল্লী অনুষ্ঠিত নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ডলাইফৰ সভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপিন্দৰ যাদৱে৷ উল্লেখ্য যে ডব্লিউ আই আয়ে চলোৱা স্ন’ লেপাৰ্ড পিয়ল কাৰ্যসূচী পোন প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মত পদ্ধতিত কৰা জৰীপ৷ ডব্লিউ আই আয়ে স্ন’ লেপাৰ্ডৰ স্থিতি থকা ৰাজ্যসমূহৰ লগতে দুটা বন্যপ্ৰাণী সংৰক্ষক প্ৰতিষ্ঠান, দ্য নেচাৰ কনজাৰভেশ্যন ফাউণ্ডেশ্যন মহীশূৰ আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ সহযোগত এই বিজ্ঞানসন্মত জৰীপ সম্পাদন কৰিছিল৷ দেশৰ সম্ভাৱ্য স্ন’ লেপাৰ্ড ৰেঞ্জৰ ৭০ শতাংশ ঠাই সংখ্যা মূল্যায়ন প্ৰক্ৰিয়াই সামৰি লৈছিল৷ ২০১৯ চনৰ পৰা ২০২৩ চনলৈ এটা সূক্ষ্ম পদ্ধতি ব্যৱহাৰ কৰা হৈছিল৷ প্ৰতিটো চিহ্নিত স্তৰযুক্ত অঞ্চলত কেমেৰা ট্ৰেপ ব্যৱহাৰ কৰি স্ন’ লেপাৰ্ডৰ উপস্থিতি গণনা কৰা হৈছিল৷ ১৩৪৫০ কিলোমিটাৰ অঞ্চলজুৰি চলোৱা জৰীপত ১৯৭১ ঠাইত স্বয়ক্ৰিয় কেমেৰাৰে স্ন’ লেপাৰ্ডৰ আলোকচিত্ৰ লোৱা হৈছিল৷ উল্লেখ্য যে লাডাখত ৪৭৭টা, উত্তৰাখণ্ডত ১২৪টা, হিমাচল প্ৰদেশত ৫১টা, অৰুণাচল প্ৰদেশত ৩৬টা, ছিকিমত ২১টা, জম্মু আৰু কাশ্মীৰত ৯টা স্ন’ লেপাৰ্ড জৰীপত পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here