বাৰ্ধক্যজনিত সমস্যা আৰু শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ জীৱনশৈলী তথা খাদ্যাভ্যাসত বিসংগতিয়ে ইয়াৰ প্ৰধান কাৰণ বুলি কোৱা হয় যদিও আনুষংগিক আৰু বিভিন্ন কাৰণো আছে৷ এবাৰ শৰীৰৰ ওজন বৃদ্ধি হ’ল পুনৰ ওজন হ্ৰাসৰ পৰা যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ আমি সকলোৱে জানো যে শৰীৰৰ অস্বাভাৱিক ওজন বৃদ্ধিয়ে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদজনিত ৰোগ আদি বিভিন্ন মাৰাত্মক ৰোগে দেখা দিব পাৰে৷ সেয়েহে ওজন নিয়ন্ত্ৰণৰ ৰখাটো অত্যন্ত জৰুৰী৷ ওজন হ্ৰাসৰ বাবে বিভিন্ন উপায় লোৱা হয় যদিও কিছু খাদ্যৰ জৰিয়তেও শৰীৰৰ ওজন হ্ৰাস কৰিব পৰা যায়৷
বেদনাৰ পুষ্টিগুণ সম্পৰ্কে বহুতেই নাজানে৷ পুষ্টিগুণেৰে ভৰপূৰ এইবিধ ফল অত্যন্ত স্বাস্থ্যকৰ৷ বেদনাত ভিটামিন-কে, ভিটামিন-চি, ভিটামিন-বি, আইৰন, পটেচিয়াম, জিংক তথা ওমেগা৩ ফেটী এচিড আদি অন্যান্য বহুতো উপাদান পোৱা যায়৷ বেদনাৰ ৰস সেৱন কৰিলে ছালৰ বাহিৰৰ স্তৰ সুস্থ হৈ থাকে৷ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে বেদনাই টিছু নিৰাপদে ৰখাত সহায় কৰে৷
বেদনাৰ ৰস সেৱন কৰিলে হাইপাৰপিগমেণ্টৰ সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব পাৰি৷ শৰীৰত দেখা দিয়া বাৰ্ধক্যজনিত লক্ষণ কমাবলৈ বেদনাৰ ৰস সেৱন কৰাটো অত্যন্ত জৰুৰী৷
বেদনা খালে শৰীৰত কোলাজেন উৎপন্ন হয়, যিয়ে ছালৰ স্থিতিস্থাপকতা সুস্থিৰ কৰি ৰাখে৷
আনহাতে বেদনাই ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে৷ বেদনা ভিটামিন-চিৰে সমৃদ্ধ হোৱা বাবে ছালৰ উজ্জ্বলতা তথা সতেজতা বৰ্তাই ৰখাত সহায় কৰে৷
বেদনা পুষ্টিগুণেৰে ভৰপূৰ৷ ইয়াত কেলৰি কম পোৱা যায় বাবে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ যথেষ্ট উপকাৰী৷
বেদনাই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ প্ৰতিদিনে ১৫০ মিলি বেদনাৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হোৱাৰ লগতে শৰীৰক শক্তি যোগান ধৰে৷