অ অহা এক অক্টোবৰৰ পৰা বাৰ্থ চাৰ্টিফিকেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাব৷ কিয়নো আপোনাৰ সন্তানক স্কুলত নামভৰ্তি কৰাবলৈ বাৰ্থ চাৰ্টিফিকেটখন বাধ্যতামূলক কৰা হৈছে৷ একক নথি হিচাপে ল’ৰা-ছোৱালীৰ স্কুলত নামভৰ্তিৰ সময়ত এই জন্মৰ প্ৰমাণ-পত্ৰখনৰ দেখুওৱাটো নিয়মত পৰিণত কৰা হৈছে৷ ইয়াৰ অন্যথা সন্তানক স্কুলত পঢু.ৱাব নোৱাৰিব৷ আগতে সন্তানক স্কুলত নামভৰ্তি কৰাবলৈ, চাকৰিৰ ক্ষেত্ৰত, বিবাহ বাৰুৰ ক্ষেত্ৰত আনকি ভোটদানৰ সময়ত এই প্ৰমাণ-পত্ৰখন আইডেণ্টিটি হিচাপে কাম কৰিছিল৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে শীতকালীন অধিৱেশনত এই প্ৰমাণ-পত্ৰখন সন্দৰ্ভত কিছু নিয়মৰ সালসলনি আনিছিল৷ দেশৰ ৰাষ্ট্ৰ পতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰা এই বিলখন অহা এক অক্টোবৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব৷ এই আইনখন সম্পূৰ্ণ কাৰ্যকৰী হ’লে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড বা নাগৰিকত্বৰ পৰিচয় পত্ৰ আদি যিকোনো শংসাপত্ৰৰ অহিবনে অকল জন্মৰ প্ৰমাণ-পত্ৰখনৰ জৰিয়তেই আপোনাৰ সন্তানৰ স্কুলত নামভৰ্তি কৰাব পাৰিব৷ বিগত শীতকালীন অধিৱেশনত জন্ম আৰু মৃত্যু সংশোধনী বিল ২০২৩ এই নতুন আইনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা মতে অহা এক অক্টোবৰৰ পৰা জন্মৰ প্ৰমাণ-পত্ৰখন ছিংগল চাৰ্টিফিকেট হিচাপে গণ্য কৰা হ’ব৷ অৰ্থাৎ স্কুল-কলেজত নামভৰ্তি, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ তালিকা প্ৰস্তুত, আধাৰ কাৰ্ড বনোৱা, বিবাহৰ ৰেজিষ্ট্ৰেশ্যন, চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত কেৱল জন্মৰ প্ৰমাণ-পত্ৰখন একমাত্ৰ প্ৰমাণ-পত্ৰ হিচাপে গ্ৰাহ্য কৰা হ’ব৷ এই বিষয়ে ইতিমধ্যে কেন্দ্ৰীয় স্বৰাষ্ট্ৰ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা বিবৃতি জাৰি কৰা হৈছে৷