বাহুৰ মেদ কমাবলৈ এই ব্যায়াম নিয়মিত কৰক

0
131

পেট, কঁকাল আদিত ফেট জমা হোৱাৰ সমান্তৰালভাৱে দুবাহুতো চৰ্বি জমা হ’ব পাৰে৷ ইয়াৰ বাবে প্ৰধানকৈ কাপোৰ পিন্ধাত অসুবিধা হয়৷ বাহুত মেদ জমা হ’লে বিশেষকৈ মহিসাসকলে শ্বিভলেচ বা হাত কটা পোছাক ব্লাউজ আদি পিন্ধাত সমস্যা হয়৷ অপৰূপ শাড়ীৰ সৈতে মিলাই পিন্ধিবলৈ হাত কটা ব্লাউজ পিন্ধিব নোৱৰাৰ বাবে এক অজানা মানসিক অশান্তিতো ভোগে৷ সেয়ে বাহুমূলৰ মেদ কমাবলৈ নিৰ্দিষ্ট কিছুমান ব্যায়াম কৰিলে সুফল পাব পাৰে৷ আৰ্ম চাৰ্কল ঃ- প্ৰথমে এখন চকীত বহি লওক৷ হাত দুখন আগলৈ পোন কৰি টানি ধৰক৷ এইবাৰ দুয়োখন হাত একেলগে ঘড়ীৰ কাঁটাৰ দিশে ১৬ বাৰ ঘূৰাওক, কিছু সময়ত পাছত একেধৰণে ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰাওক৷ এইদৰে তিনিবাৰমান কৰক৷
ডাউনয়াৰ্ড ফেচিং ডগ : মুখখন তলমুৱাকৈ শুই পৰাৰ দৰে মাটিত কৰক৷ ইয়াৰ পাছত হাত দুখন টান কৰি ওপৰৰ দিশে লাহে লাহে আগুৱাই দিয়ক৷ একেদৰে ভৰি দুখনো কিছু দূৰত্বৰ ৰাখি মানুহজন উঠাৰ দৰে কৰক৷ শৰীৰৰ মাজ অংশটো সম্পূৰ্ণকৈ মাটিৰ পৰা ওপৰলৈ উঠাই দিয়াৰ চেষ্টা কৰক৷ এনে কৰোঁতে শৰীৰৰ ভৰ হাত আৰু ভৰিৰে নিয়ন্ত্ৰণ কৰক৷ এই অৱস্থাটো শৰীৰৰ মাজ অংশটো দেখাত এটা ত্ৰিভুজৰ লেখীয়া হ’ব লাগিব৷ এইদৰে কিছু সময় থাকি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here