বায়ু প্ৰদূষণ হৈছে ব্ৰেইন ষ্ট্ৰ’কৰ অন্যতম কাৰক

0
12

শেহতীয়াভাৱে প্ৰকাশ পোৱা এক প্ৰতিবেদনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে যে আমাৰ চৌদিশৰ বায়ু প্ৰদূষণ ছাবাৰাকনইড হেমৰেজ নামৰ একপ্ৰকাৰ ব্ৰেইন ষ্ট্ৰ’কৰ প্ৰধান কাৰক৷ ভাৰত, আমেৰিকা নিউজিলেণ্ড, ব্ৰাজিল আৰু ইউ এ ইৰ এদল গৱেষকে কৰা গৱেষণাত বায়ু প্ৰদূষণৰ ফলত মৃত্যু আৰু অক্ষমতাৰ ১৪ শতাংশ কাৰক ছাবাৰাকনইড হেমৰেজ বুলি জানিব পৰা গৈছে৷ এই গৱেষণাত এইটোও পোহৰলৈ আহিছে যে যোৱা তিনি দশকত ষ্ট্ৰ’কৰ ফলত হোৱা মৃত্যুৰ কাৰক বায়ু প্ৰদূষণ, তীব্ৰ উষ্ণতা আৰু অস্বাভাৱিক ৰাসায়নিক পৰিঘটনাৰ বাবে হোৱা অসুখ বিশেষভাৱে উল্লেখযোগ্য আছিল৷ ২০২১ চনত বিশ্বজুৰি ১১.৯ নিযুত লোক ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল৷ ১৯৯০ চনৰ তুলনাত এই আক্ৰান্তৰ হাৰ ৭০ শতাংশ বেছি আছিল৷ ১৯৯০ চনৰ পৰা প্ৰায় ৭.৩ নিযুত লোকৰ ষ্ট্ৰ’কৰ মৃত্যু হয়৷ এইবোৰ সমীক্ষাৰ পৰা এই কথা পোহৰলৈ আহে যে বায়ু প্ৰদূষণৰ ফলত ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ঘটনা সাংঘাতিকভাৱে বৃদ্ধি পাইছে৷ অনাগত দিনত ইয়াৰ বৃদ্ধিৰ হাৰ কিদৰে হ্ৰাস কৰিব পাৰি, সেই বিষয়ে ভালদৰে চিন্তা কৰাৰ সময় আহি পৰিছে৷ নহ’লে অদূৰ ভৱিষ্যতে বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ল’ব বুলি ধাৰণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here