মানুহ ঘৰলৈ আলহীক আদৰিলৈ প্ৰথমে যিদৰে বহিবলৈ ড্ৰয়িংৰূমত বহিবলৈ দিয়া হয়, তাৰ পাছতহে ক্ৰমে ডাইনিং হল বা আন ৰূমলৈ নিয়া হয়৷ ঠিক একেদৰে বাথৰূমটোও ঘৰখনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এটা ঠাই৷ বাথৰূম নহ’লে ঘৰখনৰ কোনো স্থায়িত্বই নাথাকে৷ আমাৰ প্ৰধানতঃ কামত লগা বস্তুটোৱে হ’ল বাথৰূম৷ আৰু এই বাছৰূমটো চাফ-চিকুণকৈ ৰখাটো প্ৰধান আৰু একমাত্ৰ কৰ্তব্য৷ ঘৰৰ বাছৰূমটো চাফ-চিকুণ নহ’লে সকলো মিছা৷ কাৰণ ইয়াৰ পৰাই ঘৰৰ সদস্যসকলৰ শাৰীৰিক, মানসিক নানা অসুবিধা হ’ব পাৰে৷ স্বাস্থ্যবিধিৰ দৃষ্টিকোণৰ পৰা ইয়াক পৰিষ্কাৰ কৰি ৰখাটো খুবেই প্ৰয়োজনীয়৷ অন্যথা ইয়াৰ পৰা নানা বেমাৰৰ সংক্ৰমণ হ’ব পাৰে৷ বাথৰূম পৰিষ্কাৰ কৰাৰ বাবে বজাৰত বিভিন্ন কোম্পানীৰ ক্নিনজাৰ পোৱা যায়৷ কিন্তু আপুনি যদি কেমিকেলমুক্ত অলৰাউণ্ডাৰ ক্লিনাৰ বিচাৰিছে, তেনেহ’লে বেকিং ছ’ডাতকৈ আন বিকল্প থাকিব নোৱাৰে৷ কিয়নো আপোনাৰ বাথৰূমৰ নামী-দামী টাইচ বা পাথৰৰ ময়লা নোহোৱা কৰাৰ উপৰি বেকিং ছ’ডাই ইয়াৰ ক্ষতি হোৱাৰ পৰাও ৰক্ষা কৰে৷ বেকিং ছ’ডাই টাইচত পৰা দাগ বা জমা হোৱা ময়লা পৰিষ্কাৰ কৰি নতুনৰ দৰে উজ্জ্বল কৰিব পাৰে৷ পানীৰ কাৰণে বাথৰূমৰ টাইলছৰ ওপৰত হালধীয়া দাগ পৰে আৰু এইবোৰ সহজে নাযায়৷ এনে পৰিস্থিতিত এই দাগ পৰিষ্কাৰ কৰিবলৈ বেকিং ছ’ডাই ভাল পৰিষ্কাৰক হিচাপে কাম কৰে৷ কাচ পৰিষ্কাৰ কৰাটো কঠিন কাম, যিকোনো মুহূৰ্ততে হাতৰ পৰা পিছলি ভাঙি যাব পাৰে৷ এনে পৰিস্থিতিত বাথৰূমৰ আইনাৰ দাগবোৰ নোহোৱা কৰিবলৈ বেকিং ছ’ডাই উত্তম৷