বাথৰূমৰ ষ্টিলৰ পাইপৰ দাগ কিদৰে গুচাব ?

0
69

বাথৰূমটো নতুনকৈ সাজিছেহে৷ ভিতৰৰ চাৰিওফালৰ ৱাল কাৰুকাৰ্যখচিত মাৰ্বল পাথৰৰ টাইলছ লগোৱা, ৱালত প্ৰকৃতিৰ ছবি৷ তাৰ ওপৰত দেখনিয়াৰকৈ সজাইছে চাবোন, ছেম্পুৰ বটল থ’ব পৰা ব্যৱস্থা৷ এই নিখুঁত সৌন্দৰ্যৰ মাজতে একমাত্ৰ অস্বস্তি অনুভৱ কৰিছে বাথৰূমত পানী ওলোৱা পাইপবোৰৰ মুখখন একেবাৰে হালধীয়া দাগ পৰি চাব নোৱৰা অৱস্থা৷ পাইপৰ মুখৰ এই আইৰনৰ দাগে গোটেই বাথৰূমটোকে অশুৱনি কৰিছে৷ আপুনি বজাৰ পৰা অনা ভিনেগাৰ, বেকিং ছ’ডা আদি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰিও সুফল একো পোৱা নাই৷ তেনেহ’লে কি উপায়েৰে এই দাগবোৰ নোহোৱা কৰিব তাক জানিবলৈ লওক এই ঘৰুৱা ব্যৱস্থা৷ দমকল বাথৰূমৰ চাৰিওফাল বা পাইপত পৰা আইৰনৰ দাগ সহজে গুচাবকৈ এই উপায় অৱলম্বন কৰিব পাৰে৷ এই দাগ নোহোৱা কৰিবলৈ সহজে পোৱা মাজন অৰ্থাৎ দাঁত ঘঁহা পেষ্ট ব্যৱহাৰ কৰিব পাৰে৷ দাঁত পৰিষ্কাৰ কৰিবলৈ মাজন যিদৰে কাৰ্যকৰী বাথৰূমৰ পাইপৰ মুখাৰ দাগ নোহোৱা কৰিবলৈ সমানে কাৰ্যকৰী৷ আমি হয়তো দাঁত ঘঁহা পেষ্টৰ গুণাগুণৰ বিষয়ে বহুতেই নাজানো৷ সেয়ে জানি থোৱা ভাল যে দাগ নোহোৱা কৰিবলৈ দাঁত ঘঁহা পেষ্ট ব্যৱহাৰ কৰিব পাৰে৷ সাধাৰণতে পাইপৰ মুখত আইৰন জমা হৈ হৈ একেবাৰে তৰপ পৰিবলৈ ধৰে আৰু এই আইৰনৰ স্তৰ পৰা ঠাইত দাঁত ঘঁহা পেষ্টৰ ডাঠকৈ প্ৰলেপ দিয়ক৷ এইদৰে প্ৰলেপ দি গোটেই ৰাতি এইদৰে ৰাখি থওক৷ পুৱা উঠি ব্ৰাছৰ সহায়ত প্ৰলেপ দিয়া অৰ্থাৎ দাগ পৰা অংশ ভালদৰে ঘঁহি দিয়ক যাতে প্ৰলেপটো এৰাই যায়৷ তাৰ পাছত পানীৰে ধুই দিয়ে দেখিব ইয়াত থকা দাগবোৰ নোহোৱা হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here