Beauty PlusDaily newsFitness PlusHealth NaturallyHealth Talksবাথৰূমত ষ্ট্ৰ’ক বেছি হোৱাৰ কাৰণ উদ্ঘাটনBy Health Plus - October 4, 2025012Facebook Twitter Pinterest WhatsApp ষ্ট্ৰ’ক যিকোনো সময়তে, যিকোনো ঠাইতে হ’ব পাৰে যদিও তুলনামূলকভাৱে বাথৰূমত গা ধোৱাৰ সময়ত ষ্ট্ৰ’ক বেছিকৈ হোৱা দেখা যায়৷ ইয়াৰ কাৰণ নিশ্চয় নথকা নহয়৷ গৱেষণা কৰি পোৱা অধ্যয়ন মতে গা ধোৱাৰ পদ্ধতিৰ খেলিমেলি হ’লেই ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে৷ গা ধোৱাৰ সময়ত আপুনি প্ৰথমে মূৰ আৰু চুলি তিয়ায় নেকি? এই ভুল পদ্ধতি কেতিয়াও নকৰিব৷ এনে এটা সৰু ভুলৰ বাবে ষ্ট্ৰ’ক হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷ যদি আপুনি গা ধোওঁতে মূৰৰ পানী দিয়ে, তেতিয়া তেজৰ চলাচল মূৰলৈ দ্ৰুতগতিত হয়৷ ইয়াৰ ফলত মস্তিষ্কৰ ধমনী বা কোষিকাত অত্যধিক চাপ পৰে আৰু ছিঙি যাব পাৰে৷ যাৰ ফলত ষ্ট্ৰ’ক হ’ব পাৰে৷ কানাডাৰ মেডিকেল এছ’চিয়েশ্যনৰ জাৰ্নালত প্ৰকাশিত এক প্ৰতিবেদন মতে ষ্ট্ৰ’কৰ কাৰণে গা ধোৱাৰ নিয়ম বা অইন যিধৰণৰ কাৰকৰ কথা আগেয়ে ধাৰণা কৰা হৈছিল, প্ৰকৃতপক্ষে সেই ধাৰণা দীৰ্ঘস্থায়ী আৰু অতি ভয়াৱহ৷ বিশ্বৰ একাধিক গৱেষণাৰ ৰিপৰ্ট অনুযায়ী গা ধোৱাৰ সময়ত ষ্ট্ৰ’কত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বা পক্ষাঘাতত আক্ৰান্ত হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ সেয়েহে গা ধোৱাৰ সময়ত কিছু নিয়ম মানি চলাটো অতি আৱশ্যক৷গা ধোৱাৰ সময়ত প্ৰথমে মূৰ বা চুলিত পানী দিয়াটো উচিত নহয়৷ আমি জানো যে মানুহৰ শৰীৰৰ তেজৰ সঞ্চালন এটা নিৰ্দিষ্ট তাপমাত্ৰাত গতি কৰি থাকে৷ শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰা বাহিৰৰ তাপমাত্ৰাৰ সৈতে সমতুল হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়৷ বিশেষজ্ঞৰ মতে মূৰত প্ৰথমে পানী দিলে শৰীৰৰ তেজৰ সঞ্চালনৰ গতি বহুগুণে বাঢ়ি যায়৷ তাৰ পৰিণতিত ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে গা ধোৱাৰ সময়ত প্ৰথমে ভৰি বা কলাফুল পানীৰে ভিজাই ল’ব লাগে৷ তাৰ পাছতহে শৰীৰৰ ওপৰৰ অংশ যেনে কান্ধ, মুখ তাৰ পাছত মূৰ চুলিত পানী দিব লাগে৷ এই নিয়ম মানিলে শৰীৰৰ উষ্ণতা ঠিকে আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে৷ যিসকলৰ উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টৰেল, মাইগ্ৰেইন আদিৰ সমস্যা আছে, তেওঁলোকে গা ধোৱাৰ সময়ত এই নিয়ম পালন কৰক৷