ৰান্ধনী ঘৰত বাচন-বৰ্তন চাফা কৰিবলৈ আপুনি স্পঞ্জ বা স্ক্ৰাব নি(য় ব্যৱহাৰ কৰে৷ এই স্ক্ৰাবৰ জৰিয়তে খোৱাৰ ক্ষেত্ৰত দৈনিক ব্যৱহাৰ হোৱা ৰন্ধন সঁজুলি তথা বাচনবোৰ পৰিষ্কাৰকৈ চাফা কৰি ধোৱা হয়৷ যি পদ্ধতিৰ জৰিয়তে স্বাস্থ্য ৰক্ষাত সহায়ক হয়৷ কিন্তু এই কথাও শুনি হয়তো আপুনি আচৰিত হ’ব যে পাকঘৰত ব্যৱহাৰ হোৱাৰ এই স্ক্ৰাবেও সৃষ্টিৰ কাৰক হ’ব পাৰে জটিল ৰোগৰ৷ বিভিন্ন গৱেষণাত এই স্পঞ্জ বা স্ক্ৰাব স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি প্ৰমাণিত হৈ গৈছে৷ জনা মতে দীৰ্ঘসময় ধৰি তিতা থকাৰ ফলত স্ক্ৰাব বা স্পঞ্জত বেক্টেৰিয়া উৎপন্ন হয়৷ এই স্ক্ৰাবত ই কোলাই, মল বেক্টেৰিয়া, ছালমোনেলাৰ দৰে বিপজ্জনক বেক্টেৰিয়াৰ জন্ম দিব পাৰে৷ আৰু এই বেক্টেৰিয়াত বাস কৰা স্ক্ৰাবেৰে বাচন ধোৱাৰ ফলত সেইবোৰ বাচনত লাগি ধৰে৷ পাছত খাদ্যৰ জৰিয়তে এই বেক্টেৰিয়া পেটলৈ প্ৰৱেশ কৰি অন্ত্ৰৰ ক্ষতি কৰিব পাৰে৷ গেষ্ট্ৰো-ইনটেষ্টাইনালৰ দৰে সংক্ৰমণ হ’ব পাৰে এইধৰণৰ স্ক্ৰাব ব্যৱহাৰ কৰাৰ ফলত৷ এই বেক্টেৰিয়াবোৰে মেনিনজাইটিছ, নিউমোনিয়া আদিৰ দৰে ৰোগৰ সৃষ্টিৰ কাৰণ হ’ব পাৰে৷ ই কোলাই বেক্টেৰিয়াই ইউৰেমিক ছিনড্ৰম সৃষ্টি কৰি কিডনীৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷