বাকলিৰ সৈতে তিয়ঁহ খালে পাব মিৰাকল গুণ

0
88


আমাৰ সুস্বাস্থ্যৰ বাবে সতেজ শাক-পাচলি খোৱা প্ৰয়োজন৷ ইয়াৰ ভিতৰত এনে কিছুমান পাচলি আছে, যি কেঁচাই বা চালাড হিচাপে খোৱা হয়৷ তাৰ ভিতৰত অন্যতম এবিধ হ’ল তিয়ঁহ৷ বিশেষকৈ গ্ৰীষ্মকালক প্ৰখৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি তিয়ঁহ খাওঁ৷ ইয়াৰ ফলত গৰমৰ পৰা সকাহ পোৱাৰ লগতে শৰীৰত পানীৰ নাটনি দূৰ কৰে, যিহেতু তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে৷ জানি থোৱা ভাল যে তিয়ঁহ বাকলি গুচাই খোৱাতকৈ বাকলিৰ সৈতে খালে বেছি উপকাৰ পোৱা যায়৷ আনহাতে আমাৰ সকলোৰে ফল বা পাচলিৰ বাকলি গুচাই খোৱাটো এটা অভ্যাসত পৰিণত হৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে ফল-মূলবোৰত বজাৰত মুকলিকৈ ধূলি-বালি লাগি থাকে৷ পাছত ঘৰলৈ আনি ভালদৰে ধুই মেলি বাকলি গুচাইহে খোৱা হয়৷ এইদৰে বাকলি গুচাই খোৱাৰ ফলত ইয়াৰ খাদ্যগুণ যথেষ্ট কমি যায়৷ ফল বা পাচলি বাকলিত প্ৰচুৰ পৰিমাণে পুষ্টি থাকে৷ কিন্তু বাকলি গুচাই দিয়াৰ ফলত ইয়াৰ পৰা আমি বঞ্চিত হওঁ৷ সেয়ে পৰাপক্ষত বাকলিসহিতে ফল-মূল বা পাচলি খাবলৈ যত্ন কৰা উচিত৷ প্ৰায়ভাগ সেইজীয়া পাচলিতে এণ্টিঅক্সিডেণ্টৰ উপস্থিতিয়ে স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰে৷ এই পাচলিবোৰৰ ভিতৰত এবিধ হ’ল তিয়ঁহ৷ আপুনি জানি অবাক হ’ব যে বাকলিৰ সৈতে তিয়ঁহ খোৱাটো চকু, ছালৰ কাৰণে অত্যন্ত ভাল৷ হাৰ্ট সুস্থ ৰাখিবলৈ তিয়ঁহ বাকিলিৰ সৈতে খাব পাৰে৷ বাকলিৰে সৈতে তিয়ঁহ খালে শৰীৰৰ কি উপকাৰ হয় জানো আহক৷
আমি সকলোৱে জানো যে তিয়ঁহ আমাৰ ছালৰ বাবে উপকাৰী৷ কিন্তু কমসংখ্যক লোকেহে জানে যে বাকলিৰ সৈতে তিয়ঁহ খালে দুগুণ উপকাৰ পোৱা যায়৷ তিয়ঁহ বাকলিৰে খালে মুখখনলৈ বেলেগ ধৰণৰ আভা আহে৷ তিয়ঁহৰ বাকলিত এছকৰবিক এচিড পোৱা যায়, যি ছালৰ বাবে অত্যন্ত জৰুৰী৷ বাকলিৰ সৈতে তিয়ঁহ খোৱাৰ ফলত মুখৰ বাৰ্ধক্য ৰোধ তথা ভিটামিন অক্সিডেটিভৰ ক্ষতি প্ৰতিৰোধ কৰে৷
যিসকলৰ দৃষ্টিশক্তি দুৰ্বল, তেওঁলোকে বাকলিৰ সৈতে তিয়ঁহ খোৱাৰ অভ্যাস কৰক৷ ইয়াত ভিটামিন-এ প্ৰচুৰ পৰিমাণে পোৱা যায়, যি চকুৰ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ আনহাতে কুকুৰীকণা ৰোগীয়ে বাকলিৰ সৈতে তিয়ঁহ খালে সুফল পাব৷
তিয়ঁহ ছালৰ বাবে খুব উপকাৰী বুলি গণ্য কৰা হয়৷ কাৰণ ইয়াত এছকৰবিক এচিড যিমান পোৱা যায়, সিমানে ইয়াত থকা ভিটামিন অক্সিডেটিভ ডেমেজ প্ৰতিৰোধ কৰে৷ যাৰ কাৰণে মুখৰ উজ্জ্বলতা আশ্চৰ্যজনকভাৱে বাঢ়ি সৌন্দৰ্যৰ আভাৰ সৃষ্টি হয়৷
বাকলিৰ সৈতে তিয়ঁহ খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ ওজন কমোৱাত সহায়ক হয়৷ শৰীৰৰ ওজন হ্ৰাসৰ বাবে তিয়ঁহ কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে৷ কিয়নো তিয়ঁহত কেলৰি খুব কম পোৱা যায়, যিয়ে বিপাক ক্ৰিয়া বঢ়াই তোলে৷ ইয়াৰ লগতে তিয়ঁহে হাংগাৰ ক্ৰেডিং কমাই শৰীৰৰ ওজন হ্ৰাস কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here