বসন্ত ৰোগৰ প্ৰতিকাৰ কি ? জানো আহক

0
2143

বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ৷ ভাৰিঅ’লা মেজৰ ( Variola major ) ভাইৰাছ নামৰ জীৱাণুৰ দ্বাৰা এই ৰোগ হয়৷ সাধাৰণতে ই তিনি প্ৰকাৰৰ৷ বৰ আই, মাজু আই আৰু সৰু আই৷ অসমত জনবিশ্বাস মতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘আই’ বোলা হয়৷ লোকবিশ্বাস মতে আই দেখা দিলে ডাক্তৰৰ ওচৰলৈ যাব নাপায় বা ডাক্তৰী ঔষধ খাব নালাগে৷ কিন্তু বিজ্ঞানসন্মত তথ্যৰ ভিত্তিত ই এক ভাইৰাছজনিত ৰোগহে৷ শুকান বতৰত বায়ুমণ্ডলত জলীয় ভাপ হ্ৰাস পাবলৈ ধৰাত ধূলিময় পৰিৱেশৰ সৃষ্টি হয়৷ যিমানেই ধূলিৰ প্ৰকোপ বৃদ্ধি পায়, সিমানেই ভাইৰাছৰ আক্ৰমণ তীব্ৰতৰ হয়৷ সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব পাৰে৷ এই ৰোগৰ লক্ষণ হিচাপে প্ৰথমে তীব্ৰ জ্বৰ হয় আৰু শৰীৰত জুয়ে পোৰাৰ দৰে ঢৌ ফুলি উঠে৷ শৰীৰত বিষ অনুভৱ হয়৷ ৰোগীয়ে কেতিয়াবা ভ্ৰম বা প্ৰলাপ বকাও দেখা যায়৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাই এই ৰোগ বিয়পাত বাধা দিয়ে৷ বসন্ত ৰোগ হোৱাৰ সময়ত নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত বেলৰ ৰস খালে এই ৰোগত প্ৰতিষেধকৰ দৰে কাম কৰে৷ ৰোগীয়ে লঘু আহাৰ গ্ৰহণ কৰিব লাগে৷ নিমপাত আৰু কেঁচা হালধি পিহি বসন্ত হোৱা ফোঁহাত লগালে সহজে শুকায়৷ বিছনাত নিমৰ পাত ৰাখিব লাগে৷ দোৰোণ শাকৰ আঞ্জা খালে এই ৰোগ নিৰাময় হয়৷ কলমৌ শাকৰ ৰস উলিয়াই গাখীৰৰ লগত খালে বসন্ত ৰোগৰ পৰা সহজে হাত সাৰিব পাৰি৷ ভৰিৰ পতাত জেতুকাৰ পাত খুন্দি লগালে বসন্ত নোলায়৷ বসন্তৰ দাগ নোহোৱা কৰিবলৈ তুলসীৰ পাত মোহাৰি লগালে সুফল পোৱা যায়৷ ঘী গৰম কৰি লগালেও ৰোগবিধৰ পৰা উপশম পাব পাৰি৷ ইয়াৰ উপৰি উপযুক্ত সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷ বসন্ত ৰোগত ভুগি থকা অৱস্থাত উৰহী, বেঙেনা, আলু, টেঙাজাতীয় খাদ্য, মাছ, মাংস, তেল, ভজা-পোৰা আদি খোৱাটো একেবাৰে অনুচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here