এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ পৰ্যাপ্ত মাত্ৰাত টোপনিৰ প্ৰয়োজন৷ নিশাৰ ভাল টোপনিয়ে আপোনাক গোটেই দিনটোৱে এনাৰ্জেটিক কৰি ৰখাৰ লগতে মন-মেজাজ ভালে থাকে৷ টোপনিৰ সময়ত শৰীৰত উৎপন্ন হোৱা কিছুমান হৰমনৰ কোষ মেৰামতি কৰি শৰীৰৰ শক্তিৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ইয়াৰ অন্যথা ব্যস্ত জীৱন-যাপন তথা আন কাৰণত যদি ৰাতি টোপনি ভাল নহয়, টোপনিত ব্যাঘাত জন্মে, তেনে ক্ষেত্ৰত কৰ্ডিঅ’ভাস্কুলাৰ ৰোগ, উচ্চ ৰক্তচাপৰ সমস্যা, ডায়েবেটিছ, শৰীৰৰ ওজন বৃদ্ধি, মন বিষণ্ণতা, হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ দৰে জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ চি ডি চি অনুসৰি যিসকল লোকে ৰাতি ছয় ঘণ্টাৰ কম টোপনি মাৰে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি৷ ভাল টোপনি নহ’লে যে স্বাস্থ্যৰ ক্ষতি হয়, সেই কথাটো জনাৰ পাছত প্ৰতিগৰাকী মানুহে জনা উচিত যে কোন বয়সৰ লোকে কিমান সময়ত টোপনি মৰা প্ৰয়োজন৷ অৰ্থাৎ বয়স ভেদে দৈনিক কিমান ঘণ্টাকৈ টোপনি মৰা উচিত৷ মেক্সিকো নেশ্যনেল স্লিপ ফাউণ্ডেশনে বিভিন্ন বয়সৰ মানুহৰ ক্ষেত্ৰত টোপনি সময় লৈ এটা সমীক্ষা চলাইছিল৷ এই গৱেষণাটো এটা ভাল স্বাস্থ্যকৰ জীৱনৰ কাৰণে খুব কম তথা খুব বেছি মৰা টোপনিৰ মাজত ভাৰসাম্য ৰখাত গুৰুত্ব দিয়া হৈছিল৷ গৱেষণাৰ পৰা পোৱা গৈছিল যে যিসকল লোকে ৰাতি ১০ বজাৰ পৰিৱৰ্তে মাজনিশাৰ পৰা টোপনি মাৰে, তেওঁলোকৰ ক্ষেত্ৰত হৃদৰোগৰ সম্ভাৱনা ১২ শতাংশ বেছি থাকে৷ উক্ত গৱেষণাত কোৱা হৈছে যে প্ৰাপ্তবয়স্কসকলে ৰাতি ১০-১১ বজাৰ ভিতৰত বিছনালৈ যোৱা উচিত৷ তেনে ক্ষেত্ৰত কমপক্ষেও ৭-৯ ঘণ্টা সময় টোপনি মৰা দৰকাৰ৷ সমীক্ষা অনুসৰি বিভিন্ন বয়স ভেদে কিমান সময় শোৱা উচিত জানো আহক৷
০-৩ মহীয়া শিশুৰ ক্ষেত্ৰত টোপনিৰ সময় ১৪-১৭ ঘণ্টা হোৱা উচিত৷ আনহাতে ৯ ঘণ্টাৰ কম অথবা ১৯ ঘণ্টাৰ বেছি হ’ব নালাগে৷
৪১ পৰা ১১ মহীয়া শিশুৰ ক্ষেত্ৰত টোপনিৰ সময় ১২-১৫ ঘণ্টা অথবা ১০ ঘণ্টাৰ কম হ’ব নালাগে৷
১ বছৰৰ পৰা ২ বছৰৰ শিশুৰ বাবে টোপনিৰ সময় ১১ ঘণ্টাৰ পৰা ১৪ ঘণ্টা আৰু ৯ ঘণ্টাৰ কম হ’ব নালাগে৷
৬-১৩ বছৰীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত টোপনিৰ সময় ৯-১১ ঘণ্টা হ’ব লাগে, ইয়াৰ লগতে ৭ ঘণ্টাৰ কম হ’ব নালাগে৷
১৪-১৭ বছৰৰ ক্ষেত্ৰত টোপনিৰ সময় ৮-১০ ঘণ্টা হ’ব লাগে, কিন্তু ৭ ঘণ্টাৰ কম বা ১১ ঘণ্টাৰ বেছি হ’ব নালাগে৷
১৮-২৫ বছৰীয়া ল’ৰা-ছোৱালীৰ বাবে টোপনিৰ সময় ৭-৯ ঘণ্টা আৰু ৭ ঘণ্টাৰ কম হ’ব নালাগে৷
২৬-৬৪ বছৰ বয়সত টোপনিৰ মাত্ৰা ৭-৯ ঘণ্টা হ’ব লাগে৷ এই মান ৬ ঘণ্টাৰ কম বা ১০ ঘণ্টাৰ বেছি হ’ব নালাগে৷
৬৫ বা তাৰ ওপৰৰ লোকৰ ক্ষেত্ৰত টোপনিৰ সময় ৭-৮ ঘণ্টা আৰু ৫ ঘণ্টাৰ কম তথা ৯ ঘণ্টাৰ বেছি হ’ব নালাগে৷