এই প্ৰক্ৰিয়াত সহকাৰী হিচাপে কাম কৰে ভিটামিন-চি, জিংক, কপাৰ আদি৷ কিন্তু ২০ বছৰৰ মাজৰ পৰা শৰীৰত এক শতাংশকৈ কোলাজেন উৎপাদন কমি আহে৷ কোলাজেন নামৰ এই প্ৰ’টিনৰ কাৰণে ছালখনলৈ উজ্জ্বলতা আহে, ছাল সতেজ তথা নমনীয় হৈ থাকে৷ অস্থিসন্ধি মজবুত হয়, চুলিৰ গুৰি শক্তিশালী হৈ থাকে৷ আনহাতে শৰীৰত কোলাজেন হ্ৰাস হ’লে কি কি লক্ষণ আহিব পাৰে, সেয়া জনা ভাল৷ শৰীৰত কোলাজেন কমি থাকিলে মুখত বলিৰেখা পৰিব পাৰে৷ ছালৰ স্থিতিস্থাপকতা কমিবলৈ আৰম্ভ কৰে৷ ছালৰ শুষ্কতা, নিস্তেজ ভাব আদি দেখা দিব পাৰে৷ চুলিৰ ফলিকলে পুষ্টি প্ৰদান কৰে কোলাজেনে৷ সেয়ে শৰীৰত কোলাজেন কমি গ’লে চুলি পাতল হৈ পৰে৷ চুলি কমকৈ গজা, চুলি দ্ৰুতভাৱে সৰা, মূৰৰ ছালখন শুষ্ক হোৱা আদি সমস্যাই দেখা দিয়ে৷ দ্বিতীয় প্ৰকাৰৰ কোলাজেন কমি গ’লে কাৰ্টিচেল দুৰ্বল হয়৷ অস্থিসন্ধি শক্ত হৈ আহে৷ বিশেষকৈ শৰীৰচৰ্চাৰ পাছত এই সমস্যা বেছিকৈ দেখা যায়৷ প্ৰদাহ কমিবলৈ সময় লাগে৷ এই প্ৰৱণাতা যে কেলৱ বাৰ্ধক্যতে লক্ষ্য কৰা যায়, এনে নহয়৷ ক্ৰীড়াবিদ বা একে সময়তে প্ৰচুৰ খেলা-ধূলা কৰি থাকিলে বয়সৰ আগতেই এই সমস্যা গা কৰি উঠিব পাৰে৷ অন্ত্ৰতো কোলাজেনৰ সমস্যাত প্ৰভাৱ পৰে৷সেই বাবে পুষ্টিবিদে কোলাজেন হ্ৰাসৰ সৈতে বদহজমৰ সমস্যাও সংযোগ কৰিব খোজে৷ গৱেষণাৰ পৰা দেখা গৈছে যে মন আৰু মেজাজৰ ওপৰতো কোলাজেনৰ প্ৰভাৱ পৰে৷ অন্ত্ৰৰ সৈতে সম্পৰ্ক, এমাইন’ এচিডৰ ভাৰসাম্য ৰখা আদিৰ কাৰণে কোলাজেন কমি গ’লে মেজাজ বেয়া হ’ব পাৰে৷