প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে গ্ৰীচ৷ দেশখনত যোৱা ৫০ বছৰৰ ভিতৰত সৰ্বাধিক গৰম পৰিছে আৰু তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছৰ অধিক হৈছে৷ ইয়াৰ লগতে দেশখনত সৃষ্টি হোৱা বনজুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ৰোডছ আইলেণ্ডত বনজুয়ে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে৷ স্থানীয় প্ৰশাসনৰ মতে প্ৰায় ৩০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ জনসাধাৰণৰ সহায় কৰাৰ লগতে জুই নুমুওৱাৰ কামত সহায় কৰিবলৈ সেনা আৰু উপকূলৰক্ষী বাহিনীক নিয়োগ কৰা হৈছে৷ স্থানীয় প্ৰশাসনে কোৱা অনুসৰি এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই যদিও পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিছে৷ বহু ঠাইত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷ এক সূত্ৰৰ পৰা পোৱা খবৰ মতে গ্ৰীচৰ ৭৯ ঠাইত জুই লাগিছে৷ বনজুয়ে ইমানেই বিধবংসী ৰূপ লৈছে যে এতিয়ালৈকে ৩৫ বৰ্গকিলোমিটাৰ অঞ্চল জুইত জাহ গৈছে৷ ইফালে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণক প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নোলাবলৈ পৰামৰ্শ দিয়া হৈছে৷ উৎকট গৰমৰ লগতে এথেন্সতো বনজুয়ে ভয়াৱহ ৰূপ ল’ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে৷