বতৰৰ ফল বগৰীৰ উপকাৰিতাজানিলে অবাক হ’ব

0
198


এতিয়া বগৰী খোৱাৰ বতৰ৷ গছত পকি হালধীয়া-ৰঙা হৈ থকা বগৰী দেখিলে সকলোৰে খাবৰ মন যায়৷ টেঙা-মিঠা বগৰীৰ গুণ বহুতো৷ আচলতে বগৰীত ভালেমান পুষ্টিকৰ দ্ৰব্য আছে, যিবোৰ শৰীৰৰ কাৰণে উপকাৰী৷ শৰীৰত তামৰ অভাৱত সৃষ্টি হোৱা হাড়ৰ সমস্যাৰ বিশেষকৈ দুৰ্বল হৈ পৰা হাড় শক্তিশালী কৰাত বগৰীয়ে সহায় কৰে৷ ইয়াৰ লগতে বগৰীত থকা কেলচিয়াম আৰু ফচফৰাছেও হাড় সবল কৰি ৰখাত সহায় কৰে বুলি কোৱা হয়৷ ইয়াত পলিচেকাৰাইড নামৰ কাৰ্বহাইড্ৰেট থাকে, যি মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক শক্তিশালী কৰাত সহায় কৰে৷ নেশ্যনেল চেণ্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এই কথা নিশ্চিত কৰা হৈছে৷ ইয়াৰ লগতে বগৰীয়ে বডী মাছ ইনডেক্স [বি এম আই], চৰ্বি আৰু ওজন নিয়ন্ত্ৰণতো সহায় কৰে৷ বগৰীক কৰা পৰীক্ষাৰ পৰা জানিব পৰা মতে ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াক সবল কৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে৷ এমিন’ এচিড, বায়’টিক্স দ্ৰব্য আৰু এণ্টিঅক্সিডেণ্টে মানুহৰ শৰীৰৰ কোষবোৰক কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷ বগৰীত এনেধৰণৰ উপাদান মজুত আছে বুলি জনা গৈছে৷ অৱশ্যে বগৰীয়ে কেঞ্চাৰ হোৱাৰ ৰক্ষা কৰাত সহায় কৰিলেও ই কেঞ্চাৰ ঔষধ নহয়৷ বগৰীত থকা ছেপ’নিন্‌ছে অনিদ্ৰা দূৰ কৰাতো সহায় কৰে বুলি কোৱা হয়৷ ইয়াৰ লগতে হৃৎপিণ্ডক শক্তিশালী কৰি ৰখাতো সহায় কৰে বুলি কোৱা হয়৷ আনহাতে বগৰীয়ে পাচন ক্ৰিয়া শক্তিশালী কৰাৰ লগতে কফৰ দৰে সমস্যাৰ পৰা সকাহ দিব পাৰে৷ ইয়াৰ লগতে মানসিক চাপৰ দৰে সমস্যাৰ পৰা মুক্ত কৰাতো সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে৷ বগৰী চকুৰ কাৰণেও উপকাৰী বুলি কোৱা হয়৷ আয়ুৰ্বেদিক চিকিৎসা বিশেষজ্ঞসকলৰ মতে পকা বগৰী কেঁচাই খাব পাৰি বা শুকান বা গুড়ি কৰিও খাব পাৰি৷ কিন্তু অত্যধিক খোৱাতো স্বাস্থ্যৰ কাৰণে অপকাৰী বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here