লাহে লাহে শীত আহিছে৷ ইয়াৰ লগে লগে বজাৰ বিভিন্ন ধৰণৰ শাক-পাচলিৰে উভৈনদী হৈ পৰিবলৈ লৈছে৷ ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ কবিও আছে৷ প্ৰতিবিধ কবিৰে নিজা নিজা গুণ আছে৷ ওলকবিও ইয়াৰ ভিতৰতে পৰে৷ ওলকবিৰ বিভিন্ন গুণেৰে ভৰপূৰ এবিধ পাচলি৷ সৰু-সুৰা ৰোগৰ পৰা হৃৎপিণ্ডৰ বিকাৰলৈকে বিভিন্ন ধৰণৰ ৰোগত ওলকবি উপকাৰী বুলি কোৱা হয়৷ ভাৰতত ওলকবি আন কবিৰ দৰে ভাজি বা আঞ্জাৰ লগত খোৱা হয়৷ ওলকবিৰ মাছৰ আঞ্জা ৰান্ধিও বহুতে খায়৷ কেঁচা অৱস্থাত সামান্য মিঠা ওলকবি বিদেশত বিভিন্ন প্ৰকাৰৰ সুস্বাদু ব্যঞ্জন ৰান্ধি খায়৷ ওলকবি পঞ্চদশ শতিকাত ইউৰোপত প্ৰথমে পোৱা গৈছিল৷ ইয়াৰ পাছত সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰিবলৈ লোৱা হয়৷ ভাৰতীয় আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে ওলকবি শক্তিকাৰক পাচলি আৰু কফ, কাহ প্ৰদাহ আদিত উপকাৰী, কিন্তু বাতবিষ আৰু গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে৷ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বজিৎ চৌধাৰীয়ে তেওঁৰ এখন গ্ৰন্থত উল্লেখ কৰা অনুসৰি ১০০ গ্ৰাম ওলকবিত ফাইবাৰ ১.৫ গ্ৰাম, কাৰ্বহাইড্ৰেট ৪ গ্ৰাম, কেলচিয়াম ২০ মিলিগ্ৰাম, মেগনেচিয়াম ১৮ মিলিগ্ৰাম, ফচফৰাছ ৩৫ মিলিগ্ৰাম, ছডিয়াম ১১২ মিলিগ্ৰাম, কেলৰি ২৭, ভিটামিন চি ৮৫ মিলিগ্ৰামৰ লগতে আন ভিটামিন তথা আন খনিজ পদাৰ্থ থাকে৷ বিশেষজ্ঞসকলৰ মতে ওলকবিয়ে বিভিন্ন ধৰণৰ ভাইৰেল আৰু বেক্টেৰিয়েল সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰিব পাৰে৷ শ্বেতৰক্ত কণিকাৰ কাম-কাজ তথা শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ সেয়েহে নিয়মীয়াকৈ খালে ৰক্তচাপ আৰু তেজত শৰ্কৰা নিয়ন্ত্ৰণত সহায় হয়৷ ওলকবিয়ে মেদ হ্ৰাস কৰাত সহায় কৰে বুলিও কোৱা হয়৷ ওলকবিত থকা পটাচিয়ামে ৰক্তপৰিবাহী ধমনীসমূহ মসৃণ কৰি ৰাখে৷ ইয়াৰ লগতে এনিমিয়া তথা শৰীৰত আইৰন কমি যোৱা লোকসকলৰ বাবেও ওলকবি উপকাৰী৷ আমাৰ হাড় শক্তিশালী কৰাৰ লগতে পাচন ক্ৰিয়াও শক্তিশালী কৰি ৰখাত ওলকবিয়ে সহায় কৰে৷