বতা চৰাইৰ কণীত কি গুণ আছে?

0
1814

জাৰণি বা উলূৱনীৰ মাজত থকা বতা চৰাই এবিধ সৰু আকৃতিৰ চৰাই৷ গোটেই পৃথিৱীতে প্ৰায় পোন্ধৰটামান বতা চৰাইৰ জাত পোৱা যায় যদিও ‘জাপানীজ কয়েল’ জাতটোকহে পোহ মনাত সুবিধা হয়৷ তাহানিতে পঢ়িবলৈ পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত– হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই’ কথাষাৰিৰ পৰাই বতা চৰাই অসমীয়া সমাজ জীৱনৰ লগত পৰিচিতিৰ উমান পোৱা যায়৷ চৰাইবিধৰ আকাৰ সাধাৰণতে ১০-২০ চেণ্টিমিটাৰ৷ ইয়াৰ গড় আয়ুস ৩-৪ বছৰ৷ ইয়াৰ বৈজ্ঞানিক নাম কটুমিক্স কটুমিক্স (Cotumix cotumix)৷ ইয়াৰ গাৰ বৰণ সাধাৰণতে মুগা, ক’লা, বগা, নীলা ৰঙৰ হয়৷ দেহৰ বৰণৰ দ্বাৰাই মতা আৰু মাইকী বতা চৰাই চিনিব পাৰি৷ মতা বতা চৰাইৰ গালত বগা দাগ থাকে, মাইকী চৰাইজনীৰ বুকুত ৰেখা থাকে৷ আনহাতে মতা বতা চৰাই মাইকীজনীতকৈ আকাৰত সৰু হয়৷ বতা চৰায়ে বছৰেকত ২৮০টা কণী পাৰে৷ বছৰ বাগৰাৰ পাছত ইয়াৰ পৰিমাণ ক্ৰমান্বয়ে কমি আহে৷ ইয়াৰ কণীবোৰৰ আকাৰ সৰু, দেখিবলৈ ধুনীয়া, ভিন্নৰঙী৷ বৰ্তমান সময়ত বতা চৰাইৰ লগতে কণীৰ চাহিদা আৰু গুৰুত্বতা অপৰিসীম মাত্ৰাত বৃদ্ধি পাইছে৷ বতা চৰাইৰ কণীত পোৱা উপাদানবোৰৰ কাৰণে আজিকালি প্ৰায় সকলোৱে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ লৈছে৷ বতা চৰাইৰ কণীয়ে কিদৰে আমাক উপকাৰ কৰে জানো আহক–

(১) বতা চৰাইৰ কণীয়ে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে৷
(২) ডায়েবেটিছ ৰোগীৰ এবিধ উত্তম খাদ্য হ’ল বতা চৰাইৰ কণী৷
(৩) আমাৰ পেটফুলা ৰোগত বতা চৰাইৰ কণী খালে সহজতে আৰাম পোৱা যায়৷
(৪) বতা চৰাইৰ কণী নিয়মিত খালে হাঁপানি ৰোগৰ পৰা উপশম পাব পাৰি৷
(৫) বৰ্তমান সময়ত ভয়াৱহভাৱে কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বতা চৰাইৰ কণী খালে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি৷
(৬) ইয়াৰ কণীয়ে মগজুৰ বিকাশত অৰিহণা যোগায়৷
(৭) শৰীৰত তেজৰ অভাৱজনিত ৰোগ হ’লে নিয়মিত বতা চৰাইৰ কণী খাব লাগে, ই শৰীৰত তেজৰ পৰিমাণ বঢ়োৱাত সহায় কৰে৷
(৮) সকলোধৰণৰ চকুৰ ৰোগত বতা চৰাইৰ কণী উপকাৰী৷
(৯) শৰীৰত হোৱা বাতবিষ বা গাঁঠিৰ বিষ বতা চৰাইৰ কণীয়ে নিৰ্মূল কৰিব পাৰে৷
(১০) সৰু ল’ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰ কাৰণে ইয়াৰ কণী এবিধ পুষ্টিকৰ খাদ্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here