বতাহত ভাহি থকা অদৃশ্য বেক্টেৰিয়া দেহত প্ৰৱেশ কৰিলেই সৰ্বনাশ

0
14

খালী চকুৰে প্ৰত্যক্ষ কৰাটো একেবাৰে অসম্ভৱ যদিও গৱেষণাত চিকিৎসকে সহজে ধৰা পেলাবলৈ সক্ষম হৈছে৷ বায়ুমণ্ডল ঘূৰি ফুৰা এই বেক্টেৰিয়াই মানৱ শৰীৰৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিছে৷ পৃথিৱীৰ বায়ুমণ্ডলত সৃষ্টি হৈছে নতুন একধৰণৰ মেগনেটিক বেক্টেৰিয়াৰ৷ নতুনকৈ সৃষ্ট এই বেক্টেৰিয়া আন বেক্টেৰিয়াতকৈ সম্পূৰ্ণ পৃথক৷ ইয়াৰ প্ৰধান কাৰণ হ’ল এই বেক্টেৰিয়াবিধে অতি সহজে দলগত অৱস্থাৰ পৰা এৰি স্বাধীনভাৱে নিজে জীয়াই থাকিব পাৰে৷ সেইবাবে এই বেক্টেৰিয়াবিধে সহজতে মানুূহৰ দেহত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ নাছাৰ এক গৱেষণাৰ পৰা দেখা গৈছে যে এই বিৰল ক্ষুদ্ৰাকৃতিৰ বেক্টেৰিয়াই মানুহৰ দেহত সহজে প্ৰৱেশ কৰিব পাৰে আৰু মানৱ শৰীৰত নিজৰ বংশবৃদ্ধি বিস্তাৰ কৰিব পাৰে৷ এইধৰণৰ প্ৰক্ৰিয়াক এক কথাত কোৱা হয় Milkcellular মেগনেটিক বেক্টেৰিয়া৷ ই অতি সহজে মানুহৰ শৰীৰত চুম্বকৰ দৰে ধৰি লৈ অভ্যন্তৰলৈ প্ৰৱেশ ঘটায়৷ এতিয়া এই নতুন বেক্টেৰিয়াৰ সৈতে কিদৰে মোকাবিলা কৰিব পৰা যায়, সেই বিষয়ে গৱেষকে বিমোৰত পৰিছে৷ এই বেক্টেৰিয়াই যদি এবাৰ কেনেবাকৈ শৰীৰৰ প্ৰৱেশ কৰিব পাৰে, তেনেহ’লে ইয়াৰ পৰা বেক্টেৰিয়াবিধৰ দ্ৰু¸ত বিস্তৃতি লাভ কৰে৷ ফলস্বৰূপে শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হ’ব৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতভাৱে হ্ৰাস পাব৷ মানৱ দেহৰ প্ৰতিটো কোষক পৃথককৈ আক্ৰমণ কৰে এই নতুন প্ৰজাতিৰ বেক্টেৰিয়াই৷ ফলত ইয়াক ধবংস বা নিৰ্মূল কৰাটো যথেষ্ট কষ্টসাধ্য কাম৷ এইধৰণৰ বেক্টেৰিয়াি প্ৰতিদিনে নিজৰ চৰিত্ৰ সলনি কৰে৷ যাৰ ফলত ইয়াক আগতে বিনষ্ট কৰা ঔষধ বিফল হয়, কাম নিদিয়ে৷ পুনৰ ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ গৱেষণাগাৰত নতুন ঔষধ প্ৰস্তুত কৰিবলগীয়া হয়৷ এই সমস্ত প্ৰক্ৰিয়াৰ বাবে চিকিৎসক তথা গৱেষকে মহা বিমোৰত পৰিবলগীয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here