নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিপ্ৰেক্ষিতত সাধাৰণ নাগৰিকৰ মূৰত ৰামটাঙোন শোধাইছে৷ বজাৰত যিকোনো বস্তুৰে অভাৱনীয় মূল্য বৃদ্ধিৰ বাবে জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজে৷ আনহাতে অত্যাৱশ্যকীয় এইসমূহ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পূৰ্ণ সুযোগ লৈছে এচাম এসাধু ব্যৱসায়ীয়ে৷ তেওঁলোকে অসাধু উপায়ে যেনে-তেনে বস্তু গোটাই বজাৰত মেলি দিছে আৰু ইয়াৰ বিনিময়ত লৈছে দুগুণ দাম৷ স্থানীয়ভাৱে উৎপাদন কৰা কিছুমান খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ অজুহাতত অধিক দাম লৈছে বা বজাৰৰ পৰা অন্তৰ্ধান কৰি বিভিন্ন মাধ্যমৰ জৰিয়তে কম দাম ক্ৰয় কৰি অবৈধ কিছু সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ লৈছে৷ এইবোৰ সামগ্ৰী বিক্ৰী কৰি চাৰিগুণ লাভ অৰ্জন কৰিছে অসৎ উপায়েৰে৷ এইসমূহ অবৈধ খাদ্য সামগ্ৰীৰ ভিতৰত চীনা নহৰু অন্যতম৷ বৰ্তমান বজাৰত চীনা নহৰুৰ পয়োভৰ ঘটিছে৷ অসাধু চক্ৰই অবৈধভাৱে চীনৰ পৰা আনি ভাৰতৰ বজাৰত মেলি দিছে চীনা নহৰু৷ আনহাতে থলুৱাভাৱে উৎপাদন হোৱা নহৰুতকৈ ক্ৰেতায়ো কম মূল্যতে পোৱা বাবে কোনো আগ-পিছ নুগুণি কেৱল কিনিছে এইধৰণৰ খাদ্য সামগ্ৰী৷ দেখাত চকচকীয়া, শুদ্ধ বগা এই চীনা নহৰুৱে আমাৰ শৰীৰৰ কি বিপদ ঘটাব পাৰে সেয়া হয়তো বহুতেই নাজানে৷ শেহতীয়াভাৱে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰৰ লগতে গুজৰাটৰ গোল্ডাল এগ্ৰিকালচাৰ প্ৰ’ডিউছ বজাৰত এজন ব্যৱসায়ীৰ পৰা বাজেয়াপ্ত কৰা হয় ৭৫০ কেজি চীনা নহৰু৷ জানিব পৰা মতে এই চীনা নহৰু এতিয়া ভাৰতত সকলো ৰাজ্যতো ব্যাপকভাৱে বিক্ৰী হৈ আছে লুকাই-চুৰকৈ৷ উল্লেখ্য যে প্ৰায় ১০ বছৰ আগতেই এই চীনা নহৰু ভাৰতৰ বজাৰত নিষিদ্ধ কৰা হৈছিল৷ তথাপিও এতিয়াও অবৈধভাৱে বিভিন্ন বজাৰত বিক্ৰী হৈ আহিছে চীনা নহৰু৷ এতিয়া প্ৰশ্ন উঠিছে এইবুলি যে কি কাৰণত এই চীনা নহৰু বিষাক্ত বুলি গণ্য কৰা হয়, যাৰ বাবে ভাৰতীয় বজাৰত নিষিদ্ধ কৰিবলগীয়া হ’ল৷ জানিব পৰা মতে এই চীনা নহৰুত মিথাইল ব্ৰ’মাইডৰ উপস্থিতি ধৰা পৰিছে৷ এই মিথাইল ব্ৰ’মাইডে মানুহৰ শৰীৰৰ বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰে৷ এই কেমিকেল শৰীৰৰ ভিতৰলৈ গ’লে লিভাৰ, কিডনী বিকল হ’ব পাৰে৷ আনকি স্বাভাৱিক দৃষ্টিশক্তিও লোপ পাব পাৰে৷ সেয়ে বজাৰৰ পৰা নহৰু কিনাৰ আগতে সাৱধান হওক, যাতে ভৱিষ্যতে শৰীৰৰ কোনো ধৰণৰ অপকাৰ হ’ব নোৱাৰে৷