বকফুলৰ বৰাভাজিখনৰ সোৱাদ লৈছেনে?

0
1731

আমাৰ চৌদিশৰ ওচৰে-পাঁজৰে হাবি, বাৰী আদিত বকফুলৰ গছ দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফুলবোৰ সাধাৰণতে বৰা বনাই বা ভাজি বনাই খোৱা হয়৷ ফুলবোৰ ঔষধি গুণসম্পন্ন৷ ফুলবোৰ দেখিবলৈ পক্ষীৰ ঠোঁটৰ দৰে৷ বকফুলৰ বৈজ্ঞানিক নাম ছেছবেনিয়া গ্ৰেণ্ডিফ্ল’ৰা (Sesbania grandiflora)৷ ইয়াৰ উপকাৰিতাসমূহ কি? অলপ জানো আহক–

(১) জ্বৰ হ’লে বকফুলৰ ভাজি খালে জ্বৰ সোনকালে নিৰাময় হয়৷কৃমিনাশক হিচাপে বকফুলৰ বৰা উপকাৰী
(২) গেষ্ট্ৰিক আলচাৰ বা বুকু জ্বলা পোৰা কৰা আদি ৰোগ বকফুল খালে নিৰাময় হয়৷
(৩) কোষ্ঠকাঠিন্য দূৰ কৰাত বকফুলৰ ভাজি যথেষ্ট উপকাৰী৷
(৪) বকফুলৰ পাতৰ ৰস খালে হাড়ৰ দুৰ্বলতা নাইকিয়া হয়৷
(৫) বকফুল খালে সহজে বাৰ্ধক্যই দেখা নিদিয়ে৷
(৬) শুকান কাহ হ’লে বকফুলৰ ভাজি খাব লাগে৷ কাহ কমি যায়৷
(৭) বকফুলৰ পাতৰ ৰসে মৃগী ৰোগ নিৰ্মূল কৰে৷
(৮) ঋতুস্ৰাৱ কম হ’লে বকফুলৰ বৰা নিয়মীয়াকৈ খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here