ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে এই আসন কৰক

0
7

দিনটোৰ বাৰ ঘণ্টাই অফিচত চকীত বহি লেপটপ বা কম্পিউটাৰত কাম কৰি অভ্যাস বহুতৰে আছে৷ এইদৰে বহি বহিয়েই কাম কৰাৰ ফলত এটা সময়ত পিঠিৰ বিষ, কঁকালৰ বিষ হোৱা দেখা যায়৷ এইদৰে নিৰ্দিষ্ট এটা ঠাইত কাম কৰি থাকিলে এইধৰণৰ বিষ হোৱাটো স্বাভাৱিক৷ কিন্তু সমস্যা হয় পাছত এই ব্যথা যেতিয়া কান্ধ, ঘাৰ আদিলৈও বিস্তাৰিত হয়৷ কেতিয়াবা এই সমস্যাই এনে জটিল ৰূপ লয় যে আপুনি কান্ধ, হাতৰ বাহু, ঘাৰ আদি লৰাব নোৱৰা অৱস্থা হয়৷ অথবা কান্ধৰ বিষে প্ৰবল কষ্ট দিয়ে৷ সাধাৰণ মানুহৰ ক্ষেত্ৰত এইধৰণৰ সমস্যাক ফ্ৰোজেন শোল্ডাৰ হিচাপে বেছি পৰিচিত৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক এডবেচিভ কেপছুলাইটিছ বুলি কোৱা হয়৷ এই ৰোগৰ আক্ৰান্ত হ’লে কান্ধৰ পেশী আৰু অস্থিসন্ধিৰ কাৰ্যক্ষমতা বিনষ্ট হয়৷ ক্ৰমান্বয়ে বিষ বেছি হ’লে সেষত ঔষধৰ ওপৰত ভৰসা কৰিবলগা হয়৷ সেয়ে যোগবিদে কৈছে যে অৱস্থ্য যদি গুৰুতৰ হয়, তেনেহ’লে এই যোগাসন কৰিলে ইয়াৰ পৰা সুফল পাব পাৰি৷ নিয়মিতভাৱে মাৰীচেসনৰ অভ্যাস কৰিলে ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে৷ সংস্কৃত শব্দৰ অৰ্থ আলোক ৰশ্মি৷ বহুতেই ধাৰণা কৰে সেইবাবে এই আসনৰ নাম মাৰীচেসন হৈছে৷ উল্লেখ্য যে পুৰাণত উল্লেখিত মৰীচি নামৰ এগৰাকী ঋষিৰ নাম অনুসৰি এই ভংগীৰ আসনক মাৰীচেসন বুলি নামকৰণ কৰা হয়৷ কিদৰে কৰিব মাৰীচেসন : এই আসন কৰিবলৈ প্ৰথমে বজ্ৰাসনত বহি লওক৷ তাৰ পাছত হাতৰ তলুৱা দুখন মাটিত পাৰি লৈ ভৰিৰ আঁঠু দুটা মাটিত লগাই ভৰ নিয়ন্ত্ৰণ কৰক৷ এই অৱস্থাত দেখাত মেকুৰী থিয় হৈ থকাৰ দৰে দেখিব৷ এতিয়া মুখখন বুকুৰ খালে নিব আৰু পিঠিখন অলপ ওপৰলৈ উঠাই দিব, যাতে পিঠিখনৰ হেঁচা পায়৷ পুনৰ মুখখন ওপৰলৈ দাঙি আনিব৷ এইদৰে ৪-৫ বাৰ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here