ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

0
1

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু এই দুয়োটা ঠিকে থাকিলেহে আমি মনপুতি তথা একাগ্ৰতাৰে দৈনন্দিন কৰ্মবোৰ সঠিকভাৱে সম্পাদন কৰিব পাৰোঁ৷ আনহাতে কৰ্মব্যস্ততাৰ হেতু কিছুমানৰ কৰ্মক্ষেত্ৰত গধুৰ বস্তু উঠোৱা নমোৱা কৰাৰ মাত্ৰা বঢ়াৰ বাবে ফ্ৰোজেন শোল্ডাৰৰ সমস্যাত ভোগে৷ যাৰ ফলত যথেষ্ট কষ্ট পোৱাৰ লগতে তেনে কাম কৰাৰ লোকৰ আৰ্থিক ক্ষেত্ৰতো প্ৰভাৱ পৰে৷ অৱশ্যে আজিকালি এঠাইতে বহি অনৱৰতে বহি বহিয়েই কম্পিউটাৰ তথা লেপটপত কাম কৰিবলগীয়া হয় আৰু শৰীৰৰ আন অংগ কৰ্মহীন তথা কেৱল হাত দুখনহে ব্যৱহাৰ হৈ থকাৰ বাবে প্ৰায়ভাগ সময়তে ফ্ৰোজেন শোল্ডাৰৰ সমস্যাত ভোগা দেখা যায়৷ গতিকে এইধৰণৰ ফ্ৰোজেন শোল্ডাৰত ভোগা লোকসকলে সকাহ পাবলৈ যোগাসনৰ অভ্যাস কৰিব পাৰে৷ নিয়মিতভাৱে ৰজ্জু কৰ্ষাণাসন আসন কৰিলে ফ্ৰোজেন শোল্ডাৰৰ পৰা হাত সাৰিব পাৰি৷ ফ্ৰোজেন শোল্ডাৰৰ নিয়মিতভাৱে অভ্যাস কৰিলে কান্ধৰ অস্থিসন্ধিৰ ৰক্ত চলাচল উন্নত হয়৷ ফলত এইধৰণৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি৷ কিদৰে কৰিব ৰজ্জু কৰ্ষাণাসন ঃ সংস্কৃতত ৰজ্জু অৰ্থ হ’ল জৰী বা ৰছী আৰু কৰ্ষণ মানে টনা৷ অৰ্থাৎ ৰছী টনাৰ ভংগীৰে এই আসন কৰা হয়৷ যিসকলে এই আসন কৰাৰ অভ্যাস নিয়মিতভাৱে কৰে, তেওঁলোকৰ বাবে এই আসন বেছ সহজ আৰু আৰামদায়ক৷ এই আসন কৰিবলৈ প্ৰথমে মানুহজন মাটিত বা মেটৰ ওপৰত বহি লওক৷ দুয়োখন ভৰি আগফালে আগবঢ়াই পোন কৰি দিয়ক আৰু মানুহজন মেৰুদণ্ড পোন কৰি বহি লওক৷ এতিয়া আপুনি এইদৰে ভাবক যে আপুনি সন্মুখৰ পৰা এডাল ৰছী টানি আছে৷ ইয়াৰ বাবে প্ৰথমে যিকোনো এখন হাত মূৰৰ ওপৰলৈ পোন কৰি দাঙি ধৰক আৰু আনখন হাত আঁঠুত লগাই থওক৷ ওপৰলৈ দিয়া হাতখনেৰে এনে ভংগী কৰক যে আপুনি ভৰিৰ আঙুলিৰ পৰা জৰী বা ৰছী এডাল যেন ওপৰলৈ টানি নিছে৷ এনে সময়ত আপোনাৰ দুভৰি, পিঠি আৰু ওপৰত থকা হাতখন পোন হৈ থকাটো উচিত৷ এইদৰে কিছু সময় থকাৰ পাছত পুনৰ আনখন হাতেৰে আগৰ দৰে কৰিব৷ এইদৰে পৰ্যায়ক্ৰমে সোঁহাত আৰু বাওঁহাতেৰে অদৃশ্য ৰছী টনাৰ লেখীয়াকৈ পাঁচবাৰমান কৰাৰ অভ্যাস কৰক৷ মনত ৰাখিব কোনো কাৰণতে যাতে হাত বা ভৰিৰ ভাঁজ নহয়৷ চকুৰ দৃষ্টিও হাতৰ ভংগীৰ লগত উঠা-নমা কৰক৷ আনহাতে নিৰ্দিষ্ট ছন্দত হাতৰ উঠা-নমাৰ সৈতে সংযোগ ৰাখক শ্বাস-প্ৰশ্বাসো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here