ফেব্ৰুৱাৰীত আহিব অক্সফ’ৰ্ডৰ ভেকচিন

0
1380

কৰ’নাৰ ভেকচিন ভাৰতত অহা তিনি মাহৰ ভিতৰতে উপলব্ধ হ’ব৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ভেকচিন অহা বছৰৰ ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই ভেকচিন প্ৰস্তুত কৰা সহযোগী হিচাপে থকা ভাৰতীয় কোম্পানী ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াই এই কথা প্ৰকাশ কৰে৷ ছিৰাম ইন্‌ষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই কয় যে স্বাস্থ্যকৰ্মী আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ভাৰতে ফেব্ৰুৱাৰীৰ ভিতৰতে অক্সফ’ৰ্ডৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ তেওঁ লগতে এইবুলি কয় যে সাধাৰণ লোকৰ বাবে এই ভেকচিন এপ্ৰিলৰ ভিতৰত বজাৰলৈ আহিব৷ আজি দিল্লীত এক অনুষ্ঠানত পুনাৱালাই লগতে কয় যে দেশৰ সকলো জনসাধাৰণক এই ভেকচিনবিধ প্ৰয়োগ কৰিবলৈ হ’লে আৰু দুই বা তিনি বছৰ সময় লাগিব৷ তেওঁ লগতে এইবুলি কয় যে সাধাৰণ লোকৰ বাবে এই ভেকচিনৰ দুটা ড’জৰ দাম সৰ্বাধিক এহেজাৰ টকা হ’ব৷ অৱশ্যে ই তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰু ঔষধ নিয়ন্ত্ৰকৰ অনুমতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও লগতে জনায়৷ তেওঁৰ মতে ইয়াৰ কাৰণ হ’ব আন্তঃগাঁথনি, সা-সঁজুলি তথা জনসাধাৰণক সন্মত কৰোৱাটো৷ ইফালে হাৰিয়ানাত আজিৰ পৰা ভাৰত বায়’টেকে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত প্ৰস্তুত কৰা কৰ’না ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে৷ আনহাতে আম্বালা কেণ্টনমেণ্টত আৰম্ভ হোৱা কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে প্ৰথমজন স্বেচ্ছাসেৱক হিচাপে কভেক্সিনৰ ড’জ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here