Beauty PlusFitness PlusHealth NaturallyHealth Talksফেটি লিভাৰৰ নিৰ্মূলৰ বাবে এই পাঁচটি পৰামৰ্শBy Health Plus - July 5, 202502Facebook Twitter Pinterest WhatsApp আধুনিক জীৱন যাত্ৰাত বহুতেই কম-বেছি পৰিমাণে ফেটি লিভাৰত আক্ৰান্ত হয়৷ যকৃতত যদি অতিৰিক্ত পৰিমাণৰ মেদ জমা হ’বলৈ আৰম্ভ কৰে, তেনেহ’লে ছিৰোছিছ, ফাইব্ৰোছিছ, আনকি লিভাৰ ফেইলাৰ পৰ্যন্ত হ’ব পাৰে৷ অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত ফেটি লিভাৰৰ দৰে বিপজ্জনক সমস্যা হ’ব পাৰে৷ এতিয়া প্ৰশ্ন হ’ল ফেটি লিভাৰ চিনাক্তৰ পাছত নিৰ্মূল কৰা সম্ভৱনে? অথবা যকৃত পুনৰ আগৰ অৱস্থালৈ ঘূৰি যায়নে? এই সন্দৰ্ভত চিকিৎসকে জনাইছে যে সুস্থ জীৱন যাপনৰ জৰিয়তে ফেটি লিভাৰৰ পৰা হাত সাৰিব পাৰে৷ তাৰ বাবে দৈনন্দিন জীৱনত কিছু ৰদ-বদল তথা সলনি কৰিব লাগিব৷ফেটি লিভাৰৰ পৰা মুক্তি পাবলৈ হ’লে প্ৰথমে দেহৰ অতিৰিক্ত ওজন কমোৱা উচিত৷ এই প্ৰক্ৰিয়া লাহে লাহে হোৱা উচিত৷ কোনো ধৰণৰ গধুৰ ডায়েটৰ জৰিয়তে ওজন কমোৱাৰ চেষ্টা কৰিলে যকৃতৰ অৱস্থা আৰু বেয়া হ’ব পাৰে৷অতিৰিক্ত মদ্যপানৰ কৰিলে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা অধিক৷ সেয়ে ফেটি লিভাৰ চিনাক্ত হোৱাৰ পাছত তৎক্ষণাৎ মদ্যপান ত্যাগ কৰক৷ নেশ্যনেল হেল্থ ছাৰ্ভিচৰ মতে কম পৰিমাণে মাজে-মধ্যে মদ্যপান কৰা ব্যক্তিয়েও ফেটি লিভাৰত আক্ৰান্ত হ’ব পাৰে৷নেশ্যনেল লাইব্ৰেৰী অব মেডিচিনত প্ৰকাশিত এক গৱেষণাপত্ৰত দেখা গৈছে যে নিয়মিত কফি সেৱন কৰাৰ অভ্যাসে ফেটি লিভাৰৰ পৰা মুক্তি দিব পাৰে৷ কফিয়ে যকৃতৰ ফাইব্ৰোছিছৰ পৰা ৰক্ষা কৰে৷নিয়মিতভাৱে শৰীৰচৰ্চা কৰিলে যকৃতৰ স্বাস্থ্য ভালে থাকে৷ কাৰণ শৰীৰচৰ্চাৰ ফলত দেহৰ পৰা চৰ্বি দূৰ হয়৷ সেয়ে প্ৰতিদিনে আধা ঘণ্টাকৈ হ’লেও শৰীৰচৰ্চা কৰাৰ অভ্যাস কৰক৷কিছুমান ঔষধ তথা ছাপ্লিমেণ্টে যকৃতৰ ওপৰত চাপৰ সৃষ্টি কৰে৷ এইধৰণৰ ঔষধ নিয়মিতভাৱে সেৱন কৰাৰ ফলত যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পায়৷ যাৰ বাবে ফেটি লিভাৰত আক্ৰান্ত হ’ব পাৰে৷