ফে’চবুক, ইন্‌ষ্টাগ্ৰামৰ বিৰুদ্ধে শিশুকমানসিকভাৱে ক্ষতি কৰাৰ অভিযোগ

0
160


লাইক্‌ছৰ প্ৰতি আসক্ত কৰি শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ অভিযোগত মেটা প্লেটফৰ্ম আৰু ইয়াৰ অধীনত ফে’চবুক তথা ইন্‌ষ্টাগ্ৰামৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰায় ৩৩খন ৰাজ্যই আদালতত গোচৰ তৰিছে৷ নিউয়ৰ্ক টাইম্‌ছ নিউজ ছাৰ্ভিছৰ মতে মাৰ্ক জুকাৰবাৰ্গৰ এই কোম্পানীটোৰ বিৰুদ্ধে কেলিফ’ৰ্নিয়াৰ উত্তৰ জিলা আদালতত গোচৰ তৰাসকলৰ ভিতৰত কেলিফ’ৰ্নিয়া, নিউয়ৰ্ক, কলেৰাডোৰ দৰে ৰাজ্যও আছে৷ ৰাজ্যসমূহে কৰা অভিযোগ অনুসৰি মেটা প্লেটফৰ্মে জানি-শুনি এনেকুৱা ফিচাৰ তৈয়াৰ কৰিছে যাৰ জৰিয়তে শিশুসকলৰ লাইক্‌ছৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে৷ ইয়াৰ ফলত শিশুৰ আত্মবিশ্বাস হ্ৰাস পোৱা বুলি লগতে কোৱা হৈছে৷ আমেৰিকাৰ বিভিন্ন ৰাজ্যই এই বিষয়টোক লৈ এটৰ্নী জেনেৰেলৰ নেতৃত্বত অনুসন্ধান কৰিছিল আৰু ইয়াৰ পাছত মেটা প্লেটফৰ্ম তথা ফে’চবুক আৰু ইন্‌ষ্টাগ্ৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আদালতত দাখিল কৰা আৱেদনত এইবুলিও কোৱা হৈছে যে কোম্পানীটোৱে পিতৃ-মাতৃৰ অনুমতি নোলোৱাকৈ ১৩ বছৰতকৈ কম বয়সৰ শিশুৰ তথ্য সংগ্ৰহ কৰিছে৷ নিউয়ৰ্কৰ এটৰ্নী জেনেৰেল লেটিছিয়া জেম্‌ছে কয় যে মেটাই শিশুৰ পীড়াৰ লাভ আদায় কৰিছে৷ এই প্ৰচেষ্টাত কোম্পানীটোৱে ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলিও লগতে অভিযোগ কৰা হৈছে৷ এই বিষয়টোক লৈ আন ৯খন ৰাজ্যই গোচৰ তৰাৰ সম্ভাৱনা আছে৷ ফলত মেটা তথা ফে’চবুক আৰু ইন্‌ষ্টাগ্ৰামৰ বিৰুদ্ধে গোচৰ তৰা ৰাজ্যৰ সংখ্যা ৪২খনলৈ বৃদ্ধি পাব৷ ইফালে মেটাই এই বুলি দাবী কৰিছে যে তেওঁলোকৰ প্লেটফৰ্ম নিৰাপদ আৰু ৰাজ্যসমূহে তেওঁলোকৰ সৈতে কাম কৰাৰ পৰিৱৰ্তে গোচৰ তৰাটো দুৰ্ভাগ্যজনক৷ মেটাৰ বিৰুদ্ধে তৰা গোচৰে ২০২১ চনত ৱাল ষ্ট্ৰীট জাৰ্নালত প্ৰকাশ পোৱা এটা বাতৰিক নিশ্চিত কৰিছে৷ এই বাতৰিটোত এইবুলি কোৱা হৈছিল যে ইন্‌ষ্টাগ্ৰামে যে শিশুৰ ক্ষতি কৰিছে সেই কথা মেটাৰ জ্ঞাত৷ এটা অভ্যন্তৰীণ অধ্যয়নত এইবুলি দাবী কৰা হৈছিল যে ইন্‌ষ্টাগ্ৰামে ১৩.৫ শতাংশ কিশোৰীৰ আত্মহত্যা কৰাৰ ইচ্ছাক অধিক প্ৰবল কৰিছিল, কিয়নো ই কিশোৰীসকলৰ মনত তেওঁলোকৰ শৰীৰ আৰু ছবিক লৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here