ফাদিল হ’ল জাপানীসকলৰ দীৰ্ঘায়ুৰ ৰহস্যৰ কাৰণ

0
25

আটাইতকৈ দীঘলীয়া সময়ত বাবে জাপানীসকল জীয়াই থাকে বুলি সকলোৱে জানে৷ অৰ্থাৎ জাপানৰ বাস কৰাসকলৰ আয়ুসকাল বিশ্বৰ ভিতৰতে বেছি৷ অৱশেষত ফাদিল হ’ল জাপানীসকলৰ দীৰ্ঘায়ুৰ ৰহস্য৷ জাপানীসকলৰ আয়ুসকাল বেছি হোৱাক লৈ মানুহৰ মনত নানা প্ৰশ্নৰ উদয় হয়৷ তেওঁলোকে অৱশ্যে কয় যে তেওঁলোক দীৰ্ঘায়ু হোৱাৰ কোনো ৰহস্য নাই৷ অৱশ্যে ইয়াৰ অন্তৰালত আছে নিয়মানুৱৰ্তী জীৱনচৰ্চা আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাস৷ গতিকে আপুনিও জাপানীসকলৰ দৰে এইধৰণৰ খাদ্য খোৱাৰ পদ্ধতি অনুশীলন কৰি দীৰ্ঘায়ু হ’ব পাৰে৷ জানো আহক খাদ্য গ্ৰহণৰ এই নিয়মসমূহ৷
পেট যেতিয়া মাত্ৰ ৮০ শতাংশ পূৰ্ণ হয়, তেতিয়াই খাদ্য খোৱাটো বন্ধ কৰি দিয়া উচিত৷ জাপানী ভাষাত এই বিশেষ পৰিভাষাক কোৱা হয় ‘হাৰা হাচি বু’৷ এই নিয়ম মানি চলিলে পৰিপাকতন্ত্ৰ উন্নত আৰু ভালে থাকে৷
একেলগে পেট ভৰাই নাখায় গোটেই দিনটোত অলপ অলপ পৰিমাণে খাদ্য গ্ৰহণ কৰক৷ আনহাতে দিনটোত একেধৰণৰ খাদ্য নাখায় কেতিয়াবা তৰকাৰী, কেতিয়াবা মাছ বা মাংস, কেতিয়াবা বাদামজাতীয় খাদ্য খোৱা উচিত৷
জাপানীসকলে বেছ কিছু ফৰমেণ্টেড খাদ্য গ্ৰহণ কৰে৷ যেনে– ফৰমেণ্টেড ছয়াবিন বা নাট্টো, মিছো, বিভিন্ন আচাৰ আদি৷ এইধৰণৰ খাদ্যই পেটৰ উপকাৰী বেক্টেৰিয়াবোৰক ভালে ৰাখে৷ বিপাক ক্ৰিয়াৰ হাৰ উন্নত কৰে৷ যাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি নহয়৷
ইকিগাই জাপানীসকলৰ এটা জীৱন-যাপন পদ্ধতি৷ এই পদ্ধতিত কোৱা হয়, এনেয়ে কোনো কাম নকৰি কামটোৰ নেপথ্যৰ কাৰণ অনুধাৱনৰ চেষ্টা কৰক৷ যি কৰে সেয়া একাগ্ৰতাৰে কৰা উচিত৷ খাদ্য খোৱাৰ সময়ত মোবাইল, টিভি চাই খাদ্য খোৱাৰ পৰিৱৰ্তে জাপানীসকলে খোৱাৰ সময়ত এইবোৰ পৰিত্যাগ কৰি খাদ্য খোৱাৰ ওপৰত মনোযোগ দিয়ে৷
জাপানীসকলে সতেজ খাদ্য খোৱাটো পচন্দ কৰে৷ সেউজীয়া শাক-পাচলি, ফল-মূল খোৱাৰ বেছি গুৰুত্ব দিয়ে৷ হিমায়িত কৰা শাক-পাচলি বা প্ৰক্ৰিয়াজাত খাদ্য ত্যাগেই সুস্বাস্থ্যৰ মূল চাবিকাঠী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here