পৰিৱেশৰ ভাৰসাম্য বিনষ্টৰ পথতবৃদ্ধি পাইছে সাগৰৰ পানীৰ উষ্ণতা

0
287

বিশ্বৰ সমুদ্ৰপৃষ্ঠৰ তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰিছে৷ সমুদ্ৰপৃষ্ঠৰ উষ্ণতাই ২০১৬ চনৰ অভিলেখ ভংগ কৰি বৰ্তমান ২০.৯৬ ডিগ্ৰী চেলচিয়াছ হয়গৈ৷ ইউৰোপীয়ান ইউনিয়নৰ জলবায়ু পৰিৱৰ্তন এজেন্সি কপাৰনিকাছে এই কথা প্ৰকাশ কৰিছে৷ ২০১৬ চনৰ সমুদ্ৰপৃষ্ঠৰ উষ্ণতা আছিল ২০.৯৫ ডিগ্ৰী চেলচিয়াছ৷ আনহাতে সমুদ্ৰৰ পানী অধিক উত্তাপ বা উষ্ণ হোৱাত ইয়াৰ প্ৰভাৱ পৰিৱেশতো পৰিছে৷ গৰম পানীৰ কাৰ্বন-ডাই-অক্সাইডৰ শোষণ কৰাৰ ক্ষমতা হ্ৰাস পায়৷ ইয়াৰ অৰ্থ হ’ল পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰা গেছবোৰ বায়ুমণ্ডলত থাকিব আৰু অধিক উষ্ণ কৰি তুলিব৷ ইয়াৰ লগতে হিমবাহসমূহ থকা বৰফ গলি সমুদ্ৰপৃষ্ঠত পৰিব আৰু সমুদ্ৰপৃষ্ঠৰ উচ্ছতা আৰু অিধক বৃদ্ধি পাব৷ আনহাতে সমুদ্ৰৰ গৰম পানীয়ে ইয়াত বাস কৰা মাছকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱকো প্ৰভাৱিত কৰিব৷ বিশেষজ্ঞসকলৰ মতে মাছকে ধৰি সমুদ্ৰৰ জীৱসমূহে ঠাণ্ডা পানীৰ সন্ধানত নিজৰ থকা স্থান এৰিবলৈ লৈছে, যাৰ ফলত খাদ্য শৃংখলৰ ভাৰসাম্য নোহোৱা হৈছে৷ ইয়াৰ ফলত শ্বাৰ্ককে ধৰি এনেজাতীয় মাছসমূহ অধিক আক্ৰমণাত্মক হৈ পৰিব পাৰে৷ মন কৰিবলগীয়া যে গ্ৰীন হাউছ গেছৰ প্ৰভাৱৰ ফলত  আমাৰ পৃথিৱীখন অধিক গৰম হৈ পৰিছে৷ আনহাতে সাগৰৰ পানাীয়ে প্ৰায় নব্বৈ শতাংশ উষ্ণতা শোষণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here