প্ৰেছক্ৰিপশ্যনত জেনেৰিক ঔষধৰনাম লিখিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ

0
441


চিকিৎসকে প্ৰদান কৰা প্ৰেছক্ৰিপশ্যনত জেনেৰিক ঔষধৰ ক্ষেত্ৰত পূৰ্বৰ থকা সকলো নিৰ্দেশনা নেশ্যনেল মেডিকেল কমিছন চমুকৈ এন এম চিয়ে প্ৰত্যাহাৰ কৰে৷ এন এম চিৰ উক্ত নিৰ্দেশ এতিয়াৰে পৰা চিকিৎসকে প্ৰেছক্ৰিপশ্যনত জেনেৰিক ঔষধ প্ৰেছক্ৰাইপ কৰিব নালাগে৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে দেশৰ বৃহৎ ঔষধ লবীৰ ওচৰত সেও মানিবলৈ বাধ্য হৈ এন এম চিয়ে অৱশেষত এই সিদ্ধান্ত ল’বলগীয়া হয়৷ উল্লেখ্য যে সৰ্বসাধাৰণৰ নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যে ইয়াৰ পূৰ্বে চিকিৎসকক জেনেৰিক ঔষধ আৰু ব্ৰেণ্ডেড ঔষধ প্ৰেছক্ৰিপশ্যনত লিখিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল৷ উক্ত নিৰ্দেশনা অমান্য কৰা চিকিৎসকৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ’ব বুলিও সকীয়নি দিছিল৷ কিন্তু হঠাৎ এতিয়াৰ পৰা জেনেৰিক ঔষধ প্ৰেছক্ৰিপশ্যনত নিলিখিবলৈ দিয়া নিৰ্দেশে ইয়াৰ আঁৰত যে আন ৰহস্য আছে, সেয়া পোহৰলৈ আহিছে৷ নেশ্যনেল মেডিকেল কমিছনে লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা চিকিৎসকে নিজৰ পচন্দৰ ঔষধ প্ৰেছক্ৰিপশ্যনত লিখিব পাৰিব৷ আনহাতে ব্ৰেণ্ডেড ঔষধক লৈ দেশত এক ৰমৰমীয়া বেহা চলি আহিছে৷ ইয়াৰ সুযোগ লৈছে চিকিৎসকে৷ সেয়ে এতিয়াৰ পৰা একাংশ চিকিৎসকে কমিছনৰ অংশৰ কাৰণে প্ৰেছক্ৰিপশ্যনত ব্ৰেণ্ডেল ঔষধ লিখাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বিপদ হ’ব৷ কিয়নো ব্ৰেণ্ডেল ঔষধৰ দাম অত্যধিক হোৱাৰ বাবে সৰ্বসাধাৰণ লোকে সেয়া কিনিবলৈ সামৰ্থ্য নহ’ব৷ ইয়াৰ তুলনাত জেনেৰিক ঔষধৰ দাম যথেষ্ট কম হোৱা হেতু জনসাধাৰণে ক্ৰয় কৰিবলৈ অসুবিধা পোৱা নাছিল৷ কিন্তু ব্ৰেণ্ডেড ঔষধ ক্ৰয় কৰিবলগীয়া হ’লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব৷ ইয়াৰ বিপৰীতে জেনেৰিক ঔষধৰ বাতিলৰ প্ৰসংগ তথা ব্ৰেণ্ডেড ঔষধৰ সমৰ্থনত একাংশ চিকিৎসকে যুক্তি দৰ্শাইছে যে জেনেৰিক ঔষধৰ গুণাগুণ হেনো পৰীক্ষা কৰা নহয়৷ এতিয়া সময়েহে ক’ব ইয়াৰ ফলাফল কি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here