প্ৰাপ্তবয়স্ক লোকৰ এশ শতাংশকে এপালিকৈ কভিড-১৯ ভেক্চিন দিয়াৰ ক্ষেত্ৰত হিমাচল প্ৰদেশে ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে কীৰ্তি লাভ কৰিছে৷ উল্লেখ্য যে এতিয়ালৈকে ভাৰতৰ প্ৰাপ্তবয়স্ক লোকৰ ৫১.৪৫ শতাংশই প্ৰথম পালি আৰু ১৫.৩৪ শতাংশই দ্বিতীয় পালি কভিড-১৯ ভেক্চিন পাইছে৷ আনহাতে ৰাজ্যখনে ২০ নৱেম্বৰৰ ভিতৰত সকলো প্ৰাপ্তবয়স্কই দুপালি ভেক্চিন দিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ৰাজীৱ সৈজালে জনাইছে৷