প্ৰস্ৰাৱৰ দুৰ্গন্ধৰ কাৰণ কি হ’ব পাৰে৷ প্ৰস্ৰাৱ হ’ল এক বৰ্জ্য পদাৰ্থ, যি শৰীৰৰ পৰা বাহিৰ হয়৷ সেয়ে ইয়াৰ পৰা সামান্য পৰিমাণ গোন্ধ অহাটো স্বাভাৱিক৷ কিন্তু ইয়াৰ তীব্ৰতা অধিক হ’লে শৰীৰৰ ৰোগৰ সম্ভাৱনাই দেখা দিব পাৰে৷ যি উপেক্ষা কৰিলে কিডনীৰ ক্ষতি হ’ব পাৰে৷ কিডনীয়ে টিছু বা তেজৰ পৰা FILTER কৰি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে৷ যদিও প্ৰস্ৰাৱৰ গোন্ধ নাথাকে, কিন্তু তীব্ৰ গোন্ধযুক্ত প্ৰস্ৰাৱ উদ্বেগৰ বিষয়৷ কেতিয়াবা কম পৰিমাণৰ পানী সেৱন কৰাৰ অথবা তীব্ৰ গোন্ধযুক্ত খাদ্য খোৱাৰ ফলতো এই ঘটিব পাৰে৷ কাৰণ কেতিয়াবা প্ৰস্ৰাৱৰ দুৰ্গন্ধই হ’ব পাৰে শৰীৰৰ সংক্ৰমণ, বিষাক্ত পদাৰ্থৰ বৃদ্ধি বা কোনো অংগৰ সমস্যা কাৰণে৷ যাৰ বাবে সময়ত পৰীক্ষা কৰা দৰকাৰ৷