প্ৰস্ৰাৱৰ এই লক্ষণবোৰে কিডনী ক্ষতিৰ প্ৰকাশ কৰে

0
2

কিডনীয়ে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ অপসাৰণ কৰে৷ যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে, তেতিয়া গোটেই শৰীৰতে ইয়াৰ প্ৰভাৱ পৰে৷ আনহাতে কিডনীৰ ক্ষতিগ্ৰস্ত তথা কাম কৰাত কিডনী অসমৰ্থ হ’লে প্ৰস্ৰাৱত কিছুমান লক্ষণ দেখা দিয়ে৷ সঠিক সময়ত এই লক্ষণবোৰ চিনাক্ত কৰি কিডনীৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
প্ৰস্ৰাৱ কৰাৰ সময়ত অত্যধিক ফেন বাহিৰ হোৱাটো কিডনীৰ ক্ষতিৰ লক্ষণ হ’ব পাৰে৷ এই লক্ষণ দেখা দিলে উপেক্ষা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
কিডনীৰ সমস্যা হ’লে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া বা বাদামী হ’ব পাৰে৷
যেতিয়া কিডনীয়ে সঠিকভাৱে কাম কৰাত অসমৰ্থ হয়, তেতিয়া শৰীৰত টক্সিন জমা হয়৷ এই বিষাক্ত পদাৰ্থবিধ অপসাৰণৰ বাবে প্ৰচুৰ পৰিমাণে প্ৰস্ৰাৱ প্ৰস্তুত হয়৷ যাৰ কাৰণে ঘন ঘন প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা বাঢ়ে৷ কিডনীৰ বাহিৰেও ঘন ঘন প্ৰস্ৰাৱ লগা উচ্ছ ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে৷
আনহাতে প্ৰস্ৰাৱ কৰাৰ সময়ত
জ্বলা-পোৰা বা বিষ অনুভৱ কৰাটো কিডনীৰ ক্ষতিৰ লক্ষণ হ’ব পাৰে৷ এনে পৰিস্থিি্‌তত এই লক্ষণবোৰ দেখা দিলেই অভিজ্ঞ চিকিৎসকৰ ওচৰ চপা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here