প্ৰস্ৰাৱৰ এইবোৰ ৰঙে শৰীৰৰ কি বাৰ্তা দিয়ে ?

0
84

প্ৰস্ৰাৱৰ ৰং সাধাৰণতে পৰিষ্কাৰৰ লগতে পাতল হালধীয়া ৰঙৰ হয়৷ পানী কম বা বেছি পৰিমাণে পান কৰাৰ ফলত স্বাভাৱিকভাৱে এই ৰঙৰ কিছু সলনি হোৱা দেখা যায়৷ ৰঙা, হালধীয়া, বগা গোলাপী আদি বিভিন্ন ৰঙৰ হ’ব পাৰে৷ শুনিলে হয়তো আপুনি অবাক হ’ব যে কেতিয়াবা বেঙুনীয়া, কমলা কিম্বা নীলা ৰঙৰো প্ৰস্ৰাৱ হ’ব পাৰে৷ প্ৰস্ৰাৱৰ এনে অস্বাভাৱিক ৰঙৰ বিভিন্ন শাৰীৰিক কাৰণ থাকিব পাৰে৷ যি নেকি স্বাভাৱিক বা পৰিচিত ৰং নহয়৷ প্ৰস্ৰাৱৰ মাধ্যমেৰে আমাৰ শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ হয়৷ এই প্ৰক্ৰিয়াই শৰীৰৰ পৰা ময়লা বা আৱৰ্জনা বাহিৰ কৰি দিয়ে৷ শৰীৰৰ প্ৰ’টিন, লোহিত কণিকা, মাংসপেশী ভাঙি নাইট্ৰজেনাছ বৰ্জ্য প্ৰস্তুত হয়৷ ইউৰিয়া আৰু ক্ৰিয়েটিনিন এই বৰ্জ্যৰ অন্যতম উপাদান৷ ইয়াৰ উপৰি আৰু বহুতো অলাগতিয়াল প্ৰস্ৰাৱৰ মাজেৰে শৰীৰৰ পৰা বাহিৰ হয়৷ কিন্তু এনে বহুতো বস্তু আছে, যিবোৰ প্ৰস্ৰাৱত থকাটো অনুচিত তথা শৰীৰৰ বাবে অপকাৰী, যিবোৰ কথা আমি প্ৰস্ৰাৱৰ ৰঙৰ জৰিয়তে জানিবলৈ সক্ষম হওঁ৷ অৰ্থাৎ প্ৰস্ৰাৱৰ ৰঙৰ জৰিয়তে শৰীৰৰ বিভিন্ন অসুবিধাৰ কথা জানিব পৰা যায়৷
কাৰোবাৰ যদি প্ৰস্ৰাৱৰ ৰং ৰঙা হয়, তেনেহ’লে সাধাৰণতে ইয়াৰ অৰ্থ হ’ল প্ৰস্ৰাৱৰ দ্বাৰা তেজ ওলাইছে৷ মূত্ৰনলীৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাৰ বাবে এনে হ’ব পাৰে৷ কিডনী, মূত্ৰাশয়, প্ৰষ্টেট তথা মূত্ৰনলীৰ সৈতে সংযোগ থকা কোনো টিউবৰ পৰা ৰক্তপাত হ’লে প্ৰস্ৰাৱৰ সৈতে তেজ আহিব পাৰে, যাৰ বাবে আমি প্ৰস্ৰাৱৰ ৰং ৰঙা দেখো৷ ৰক্তপাত যদি প্ৰবল মাত্ৰাত হয়, তেনেহ’লে প্ৰস্ৰাৱৰ ৰং ৰেড ৱাইনৰ দৰে গাঢ় হ’ব পাৰে৷ কিডনীত পাথৰ, কেঞ্চাৰ, ট্ৰমা বা মূত্ৰনলীৰ কোনো সংক্ৰমণ হ’লে এনে হ’ব পাৰে৷
আমি সকলোৱে জানে সাধাৰণ অৱস্থাত প্ৰস্ৰাৱৰ ৰং পাতল হালধীয়া হয়৷ কিন্তু শৰীৰত পানীৰ অভাৱ হ’লে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হয়৷ কেতিয়াবা কমলা ৰঙৰো হোৱা দেখা যায়৷ এনে অৱস্থাত আপুনি পৰ্যাপ্ত পানী সেৱন কৰা উচিত৷ যি উপাদানে প্ৰস্ৰাৱৰ ৰং হালধীয়া কৰে তাক ইউৰোবিলিন বুলি জনা যায়৷ শৰীৰত উপস্থিত থকা পুৰণি লোহিত ৰক্তকণিকা ভঙাৰ ফলত ইউৰোবিলিনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়৷ এই ৰক্তকণিকাবোৰ যথাযথ আকাৰে নাথাকিলে শৰীৰৰ প্ৰস্ৰাৱৰ মাধ্যমেৰে সেইবোৰ বাহিৰ হয়৷ বহু সময়ত পিত্তথলিৰ পাথৰ বা কেঞ্চাৰৰ কাৰণে পিত্তনলী বন্ধ হৈ যায়৷ আৰু তেতিয়া পিত্তৰ অন্ত্ৰত প্ৰৱেশ কৰিব নোৱাৰে৷ সেইসময়ত বিলিৰুবিন ৰক্তনলীলৈ উভতি যায় আৰু প্ৰস্ৰাৱৰ মাধ্যমেৰে নিৰ্গত হয়৷ সেই কাৰণে প্ৰস্ৰাৱৰ ৰং কমলা বা বাদামী গাঢ় হ’ব পাৰে৷ এনে অৱস্থাত জণ্ডিচ হোৱা বুলি কোৱা হয়৷ আনহাতে নীলা বা সেউজীয়া ৰঙৰ প্ৰস্ৰাৱ হোৱাৰ ঘটনা খুব বিৰল৷ যদি কোনো খাদ্যদ্ৰব্যত নীলা বা বগা ৰং ব্যৱহাৰ কৰা হয়, তেতিয়াহ’লে প্ৰস্ৰাৱৰ ৰং নীলা বা সেউজীয়া হয়৷ চেতনানাশক, ভিটামিন, এণ্টিহিষ্টামিনৰ দৰে কিছু ঔষধৰ কাৰণেও প্ৰস্ৰাৱ নীলা বা সেউজীয়া হ’ব পাৰে৷
প্ৰস্ৰাৱ বেঙুনীয়া মানে ইণ্ডিগো বা পাৰ্পল বা ভায়োলেট ৰং ধাৰণ কৰাৰ ঘটনাও বিৰল৷ ইয়াৰ এটা সম্ভাৱ্য কাৰণ হ’ল পোৰফাইবিয়া৷ ই একধৰণৰ জেনেটিক ৰোগ, যি ছাল বা স্নায়ুতন্ত্ৰক প্ৰবাৱিত কৰে৷ পাৰ্পল ইউৰিন ব্যাগ চিনড্ৰ’ম নামৰ এটা বিৰল ৰোগ আছে, ইউৰিনাৰী ইনফেকশ্যনৰ সংক্ৰমণৰ কাৰণে হ’ব পাৰে৷ অল্প পৰিমাণে বিটৰূট খালে প্ৰস্ৰাৱৰ ৰং গাঢ় ৰঙাৰ সলনি গোলাপী হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here