প্ৰস্ৰাৱে আপোনাৰ ৰাতিৰ টোপনি হৰণ কৰিছে নেকি?

0
1862
 ৰাতি শুই থকাৰ সময়ত আপোনাৰ ঘনাই পেচাব লাগে নেকি? আমাৰ সকলোৰে এটা অভিজ্ঞতা আছে যে আপুনি সুন্দৰকৈ টোপনি গৈ আছে, কিন্তু তাৰ মাজতে আপুনি উঠিবলৈ বাধ্য কাৰণ আপোনাৰ প্ৰস্ৰাৱ লাগিছে৷ যদিও আমি প্ৰস্ৰাৱ ৰখাই থোৱাটো উচিত নহয়, তথাপিও সঘনাই প্ৰস্ৰাৱ লগাটো এটা অশান্তিকৰ সমস্যা৷ সাধাৰণতে আমাৰ শৰীৰে দিনটোত ১-২ লিটাৰ প্ৰস্ৰাৱ উৎপন্ন কৰে আৰু ইয়াৰে ২৫% প্ৰস্ৰাৱ ৰাতিহে উৎপন্ন হয়৷ গতিকে টোপনিৰ মাজত ৰাতি প্ৰস্ৰাৱ কৰিবলৈ উঠাৰ কোনো প্ৰয়োজন নাথাকে৷ কিন্তু যদি আপুনি ৰাতি সঘনাই বাথৰূমলৈ যাবলগীয়া হৈছে, তেন্তে আপোনাৰ মূত্ৰাশয়ৰ সমস্যা হৈছে, যিটো আপোনাৰ নিয়ন্ত্ৰণত নাথাকে৷ ইয়াক Nocturia বুলিও কোৱা হয়৷ ইয়াৰ অৰ্থ হ’ল যে আপোনাৰ ৰাতি প্ৰস্ৰাৱ অধিক উৎপন্ন হয়৷ এই সমস্যাটো পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি দেখা যায়৷

এই সমস্যাৰ প্ৰধান কাৰণসমূহ হ’ল–

(১) শুবলৈ যোৱাৰ আগতে অধিক পৰিমাণে পানী খোৱা, (২) মূত্ৰাশয়ৰ সমস্যা, (৩) পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, (৪) বৃক্ক দুৰ্বল হোৱা, (৫) ঔষধৰ পাশ্বৰ্ক্ৰিয়া ইত্যাদি৷


এই সমস্যা হ’লে আমি তৎক্ষণাৎ চিকিৎসকৰ ওচৰ চাপিব লাগে যদিও কিছুমান ঘৰুৱা নিয়ম মানি আমি এনে সমস্যা কিছু পৰিমাণে নিয়ন্ত্ৰণত আনিব পাৰোঁ-


(১) ৰাতি আঠ বজাৰ পাছত কোনোধৰণৰ পানীয় সেৱন নকৰিব৷
(২) কেফেইন আৰু এলকহল জাতীয় দ্ৰব্য সেৱন নকৰিব৷ দুয়োবিধ দ্ৰব্যই পেচাবক অধিক এচিডিক কৰি তোলে৷ যাৰ ফলত সঘনাই প্ৰস্ৰাৱ লাগি থাকে৷
(৩) হজম নোহোৱা খাদ্যবোৰে আমাৰ প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে, সেয়ে ৰাতি এনেধৰণৰ খাদ্যৰ পৰা আঁতৰি থাকক৷
(৪) শুবলৈ যাওঁতে প্ৰস্ৰাৱ কৰিহে শুব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here