প্ৰয়োজন পূৰাব চছ্‌মাৰ! DCGI-ৰ অনুমোদন পালে আই ড্ৰপে

0
40

চছ্‌মা– দুচকুৰ সমস্ত অক্ষমতাক নোহোৱা কৰি দৃষ্টিৰে স্বচ্ছতা বজাই ৰখাৰ বাবে যাৰ আছে অনন্য অৱদান৷ চছমা অবিহনে যেন বহুতৰে জীৱন অচল, বিনা চছমাৰে এখোজে দিব নোৱৰা লোকে হয়তো আছে বহুতো৷ অৰ্থাৎ আমাৰ দৈনন্দিন জীৱন যাত্ৰাত চছমাযোৰ যেন এৰাব নোৱৰা সামগ্ৰী হৈ পৰিছে৷ চছমাযোৰ অবিহনে সকলো ফালেই ধোঁৱা-কোৱা, অন্ধকাৰ৷ কিন্তু কেইদিনমানৰ ভিতৰতে হয়তো এই মনোভাব যেন সলনি হ’বলৈ গৈ আছে৷ কিয়নো ভাৰতৰ বজাৰ আত্মপ্ৰকাশ কৰিছে এক বিশেষ ধৰণৰ আই ড্ৰপে৷ চকুৰ সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব এই আই ড্ৰপ৷ ৰিডিং গ্লাছক অপসাৰিত কৰি দিব পাৰে এই আই ড্ৰপে৷ মুম্বাইৰ এনটড ফাৰ্মাচিউটিকেলে প্ৰস্তুত কৰিছে PresVu নামৰ এই বিশেষ আই ড্ৰপটো৷ প্ৰেছবায়’পিয়া অৰ্থাৎ ওচৰৰ দৃষ্টিৰ সমস্যাৰ চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে চল্লিছৰ মাজৰ সময়ছোৱাত যি চকুৰ বিকাৰ হয় তাক নিবাৰণৰ বাবে উত্তম৷ উল্লেখ্য যে এই আই ড্ৰপ ব্যৱহাৰৰ কাৰণে DCGI-এ চূড়ান্ত অনুমোদন প্ৰদান কৰিছে৷ জানিব পৰা মতে এই আই ড্ৰপত আছে শতাংশ পাইলোকাৰ্মি হাইড্ৰ’ক্ল’ৰাইড৷ উদ্ভিদ নিৰ্ভৰ এই যৌগটো চকুৰ বিভিন্ন সমস্যাৰ কাৰণে যথেষ্ট উপকাৰী৷ বিশেষকৈ চকুৰ ৰক্তচাপ তথা আই প্ৰেছাৰৰ দৰে সমস্যা নিৰাময়ৰ ববে কাৰ্যকৰী এই ঔষধ মিহলাই দিয়া হয় PresVuৰ মাজত৷ ইমানদিনে কণ্টেক্ট লেন্স বা চছমা অথবা অস্ত্ৰোপচাৰৰ অবিহনে চকুৰ দৃষ্টিশক্তিৰ সমস্যাৰ সমাধানৰ কোনো উপায় নাছিল৷ কিন্তু উক্ত সমস্যাবোৰৰ সমাধানৰ উপায় হিচাপে এই আই ড্ৰপে সুকলমে কাৰ্য সম্পাদন কৰিব৷ কোম্পানীটোৱে সদৰী কৰা মতে এইধৰণৰ আই ড্ৰপে এই প্ৰথম ভাৰতত অনুমোদন লাভ কৰিবলৈ সক্ষম হয়৷ যাৰ ব্যৱহাৰে চল্লিশোৰ্ধ্বৰ লোকৰ ৰিডিং গ্লাছৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা কমাবলৈ সক্ষম হ’ব৷ ইয়াৰ লগতে চকুৰ আৰ্দ্ৰতা বঢ়াবলৈও সক্ষম হ’ব এই আই ড্ৰপে৷ ইতিমধ্যে ইয়াৰ পেটেণ্টৰ বাবে আৱেদন কৰিছে ইয়াৰ প্ৰস্তুতকাৰী কোম্পানীয়ে৷ উল্লেখ্য যে ২০২২ চনতে ডিজিচিআইৰ ওচৰত প্ৰস্তুতকাৰী সংস্থাটোৱে আৱেদন দাখিল কৰিছিল৷ সেই সময়ত তেওঁলোকৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়ালৰ কথা কোৱা হৈছিল৷ দেখা গৈছিল যে ২৭৪ গৰাকী ভাৰতীয়ৰ মাজত ৮২ শতাংশতকৈও বেছিসংখ্যকে চকুত এই ড্ৰপ ব্যৱহাৰ কৰি কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱা নাছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here