প্ৰদূষণৰ প্ৰভাৱত মানুহবয়সতকৈ বেছি বৃদ্ধ হৈছে

0
410


বায়ু প্ৰদূষণৰ কাৰণে মানুহৰ প্ৰকৃত বয়সতকৈ দহ বছৰ অধিক বৃদ্ধি হ’বলৈ ধৰিছে৷ এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি প্ৰদূষিত বায়ুৰ সংস্পৰ্শত থকা লোকসকলে কৰা অনুভৱ তেওঁলোকতকৈ দহ বছৰ অধিক লোকসকলৰ দৰে হয়৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে নগৰাঞ্চলত থকা লোকসকলে সোনকালে বুঢ়া হোৱাৰ দিশত আগবাঢ়ে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল প্ৰদূ্‌ষিত বায়ুৱে প্ৰত্যক্ষভাৱে শ্বাসনলী আৰু হাঁওফাঁওত পেলোৱ প্ৰভাৱ৷ ইয়াৰ ফলত এজমাৰ দৰে ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়৷ প্ৰদূষণৰ লগতে মানসিক চাপেও মানুহৰ বয়সত প্ৰভাৱ পেলাই বুলি কোৱা হৈছে৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি আৰ্থিক আৰু সামাজিকভাৱে বঞ্চিত নগৰীয় অঞ্চলত থকা লোকসকলৰ লগতে মানসিক চাপত ভোগা লোকসকল সোনকালে বুঢ়া হয়৷ গৱেষকসকলে কৰা অধ্যয়নটোৰ পৰা জানিব পৰা মতে বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যত হানিকাৰক প্ৰভাৱ পেলাইছে৷ বেলজিয়ামত কৰা এই অধ্যয়নটোৰ মতে বায়ু প্ৰদূষণৰ প্ৰভাৱত ৩৬ শতাংশ লোক ৰুগীয়া হ’বলৈ ধৰিছে৷ আনহাতে ডেনমাৰ্কত কৰা আন এক অধ্যয়ন মতে বায়ু প্ৰদূষণৰ কাৰণে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যুৰ আশংকা ২৩ শতাংশ বৃদ্ধি পাইছিল৷ গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি বায়ুত থকা নাইড্ৰজেন অক্সাইড. ছালফাৰ ডাই অক্সাইডৰ দৰে বিষাক্ত ক্ষুদ্ৰ কণাবোৰে শৰীৰৰ ক্ষকিসাধন কৰে৷ এই কণাবোৰৰ প্ৰভাৱ শ্বলনলীত কৰে আৰু হাঁওফাঁওৰ কাম কৰাৰ ক্ষমতা হ্ৰাস পায়৷ গৱেষকসকলে ডি এন এৰ জৰিয়তে এপিজেনেটিক কৰিলেশ্যনৰ পৰীক্ষা কৰা হৈছিল, যাৰ সহায়ত প্ৰকৃত বয়স আৰু জৈৱিক বয়সৰ তাৰতম্য ধৰা পেলোৱাত সুবিধা হৈছিল৷ প্ৰদূষিত বায়ুৰ লগতে মানসিক অৱসাদত ভোগা আৰু অকলশৰে থকা লোকসকলৰ এপিজেনেটিক বয়সত পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here