প্ৰথমবাৰৰ বাবে ৰঙা বান্দৰৰক্ল’ন তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

0
149


চীনৰ বিজ্ঞানীয়ে গৱেষণা কৰি প্ৰথমবাৰৰ বাবে ৰঙা বান্দৰৰ বা ৰেছাছৰ ক্ল’ন প্ৰস্তুত কৰিছে৷ গৱেষকৰ দলে এই প্ৰজাতিৰ বান্দৰৰ শাৰীৰবৃত্তিয় কাৰ্যকলাপ মানুহৰ দৰে হ’ব বুলিও জানিবলৈ দিয়ে৷ উল্লেখ্য যে চীনৰ বিজ্ঞানীয়ে ২০১৮ চনত জন্ম দিছিল বিশ্বৰ প্ৰথম ক্ল’ন বান্দৰ৷ সেই সময়ত মেকক বান্দৰৰ ক্ল’ন তৈয়াৰ কৰিছিল চীনে৷ এই ধাৰাবাহিকাত অক্ষুণ্ণ ৰাখি এইবাৰ ৰেছাছ বান্দৰৰ ক্ল’ন তৈয়াৰ কৰিছে চীনে৷ বিজ্ঞানীয়ে এই ক্ল’ন তৈয়াৰ গৱেষণাৰ কৰাৰ বাবে ১১৩টা ভ্ৰূণ ব্যৱহাৰ কৰিছিল৷ যাৰ মাজৰ ১১টা ভ্ৰূণ প্ৰতিষ্ঠাপন কৰা হৈছিল৷ ইয়াৰ দুটা ভ্ৰূণ গৰ্ভধাৰণ কৰা হৈছে আৰু এটাৰ পৰা সন্তান জন্ম দিয়া হয়৷ গৱেষকে ট্ৰফোব্লাষ্ট ৰিপ্লেছমেণ্ট পদ্ধতি ব্যৱহাৰ কৰা বান্দৰটো জন্ম দিয়া হৈছে৷ তেওঁলোকে এই বান্দৰটোৰ নাম ৰেট্ৰো দিছে৷ ৰেছাছ বান্দৰ মূলতঃ এছিয়াৰ বনাঞ্চলত দেখা যায়৷ বিশেষতঃ ভাৰত, থাইলেণ্ড, ভিয়েটনাম, চীন, পাকিস্তান আৰু আফগানিস্তানত এই প্ৰজাতিৰ বান্দৰ পোৱা যায়৷ আনহাতে এই প্ৰজাতিৰ বান্দৰ সংক্ৰামক ব্যাধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাক লৈও গৱেষণাত বহুলভাৱে ব্যৱহাৰ কৰা হৈছে৷ চাইনিজ একাডেমী অব ছায়েন্সেছ বিশ্ববিদ্যায়লৰ ড॰ ফ্যেলং লু বিবিছিকে জনোৱা মতে এইধৰণৰ সফলতাই সকলোকে আনন্দ আৰু উদ্ভাসিত কৰিছে৷ নেচাৰ কমিউনিকেশ্যনছ জাৰ্নালত এক প্ৰতিবেদনত গৱেষকে কৈছে যে ৰেছাছ বা লাল বান্দৰৰ ক্ষেত্ৰত দুই বছৰৰ বেছি সময় সুস্থ আছে৷ ইয়াৰ পৰা বুজা যায় যে গৱেষণাটো সফল হৈছে৷ আনহাতে স্তন্যপায়ী প্ৰাণীৰ মাজত যৌন প্ৰজননৰ ফলত সন্তান জন্ম হয়৷ তাৰ মাজৰ মাক বা পিতৃৰ জিনৰ মিশ্ৰণ থাকে৷ কিন্তু ক্ল’নিং কৌশলত এটা একক প্ৰাণীৰ পৰা জিনগতভাৱে হুবহু অনেক প্ৰাণীৰ জন্ম দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here