প্ৰথমবাৰৰ বাবে মানুহৰ মস্তিষ্কৰকোষেৰে প্ৰস্তুত হ’ল কম্পিউটাৰ

0
252


মানুহৰ মস্তিষ্কৰ ৰহস্য আৰু ক্ষমতা অপাৰ৷ মস্তিষ্কটোৱে মানুহ এজনক কাম-কাজৰ নিৰ্দেশনা দিয়ে৷ আনহাতে স্মৃতিশক্তি ধৰি ৰখাত মস্তিষ্কৰ জৰিয়তে সম্ভৱ হয়৷ এই মানৱ মস্তিষ্কৰ মানুহহে তৈয়াৰ কৰা মস্তিষ্ক কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰিছে বিজ্ঞানীয়ে৷ সম্প্ৰতি প্ৰকাশিত হৈছে সেই সংক্ৰান্তীয় এটা গৱেষণাৰ তথ্য৷ মানৱ মস্তিষ্কৰ গঠনগত আৰু কাৰ্যগত একক হ’ল নিউৰন৷ ইয়াৰ সহায়ত মস্তিষ্কৰ পৰা তৎক্ষণাৎ বিপুল তথ্য বিশে¡ষিত হয়৷ গৱেষণাৰ পৰা জনা মতে ইয়াৰ অন্যতম কাৰণ মস্তিষ্কৰ প্ৰছেছৰ আৰু মেম’ৰি ডিভাইচ দুটাৰ কাম কৰে নিউৰনে৷ ইয়াৰ আলম লৈয়ে এই মস্তিষ্কৰ নিউৰনে যিদৰে কাম কৰে, সেই একেদৰে কম্পিউটাৰেও যাতে অনায়াসে কাম কৰিবলৈ সক্ষম হয়, তাৰ পথ মুকলি কৰিবলৈ আগ্ৰহ কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে ইয়াৰ অন্বেষণৰ কাৰণে যোগ কৰিছে ব্ৰেনোওয়াৰ৷ মানুহৰ মস্তিষ্কৰ কোষকলা তথা অৰ্গানয়েডৰ সৈতে চিৰাচৰিত কম্পিউটাৰ চাৰ্কিট সংলগ্ল কৰি প্ৰস্তুত কৰা এই কম্পিউটাৰ ভয়চ ৰেকগনিশ্যন, অৰ্থাৎ গলৰ স্বৰ বা শব্দ চিহ্নিতকৰণ কৰিবলৈ সক্ষম হৈছে৷ ইণ্ডিয়ানা ইউনিভাৰছিটি ব্লুমিংটনৰ গৱেষক ফং কুয়ো আৰু তেওঁৰ সহযোগী গৱেষকসকলে আৱিষ্কাৰ কৰিছে এই কম্পিউটাৰ৷ অৱশ্যে এই কম্পিউটাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ কম্পিউটাৰ দৰে এতিয়াও এশ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই৷ নতুনকৈ আৱিষ্কৃত এই কম্পিউটাৰে কিদৰে কাম কৰিব সেই সন্দৰ্ভত কুয়ো কয় যে এটা নিৰ্দিষ্ট অৰ্গানয়েডক অজস্ৰ বিদ্যুদ্বাহকৰ সহায়ত কম্পিউটাৰৰ চাৰ্কিটৰ সৈতে যুক্ত কৰা হৈছে৷ তাৰ পাছত সেইবোৰৰ মাধ্যমেৰে পঠোৱা হৈছে মৃদু বিদ্যুৎ তৰংগ৷ এই অৰ্গানয়েডৰ প্ৰতিক্ৰিয়া চেঞ্চৰৰ সহায়ত গ্ৰহণ কৰা হয়৷ তাৰ পছত ইয়াৰ প্ৰতিক্ৰিয়াৰ অৰ্থ মেচিন লাৰ্নিং এলগৰিদমৰ সহায়ত বিশ্লেষণ কৰা হয়৷ গৱেষণাৰ জৰিয়তে ব্ৰেনোওয়াৰৰ ইয়াৰ কথোপকথনৰ ২৪০টা ৰেকৰ্ডিং শুনা হৈছে৷ ইয়াত বক্তা চিহ্নিত কৰা পৰীক্ষাত যন্ত্ৰটো ৭৮ শতাংশই সফলতা লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here