সূৰ্যৰ সমান এটা নক্ষত্ৰই বৃহস্পতিৰ সমান এটা গ্ৰহক গ্ৰাস কৰাৰ দৃশ্য প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছত বিজ্ঞানীসকলে এইবুলি ভৱিষ্যদ্বাণী কৰিছে যে আজিৰ পৰা প্ৰায় ৫০০ কোটি বছৰৰ পাছত সূৰ্যই আমাৰ পৃথিৱীখনকো গ্ৰাস কৰিব৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু কেলিফৰ্নিয়া ইনষ্টিটিউট অব্ টেকনলজিৰ বিজ্ঞানীসকলে দেখা পায়৷ বিজ্ঞানীসকলৰ মতে এই দৃশ্য অতি ভয়াৱহ আছিল৷ তথাপি এই প্ৰক্ৰিয়াটোৰ সম্পৰ্কে তথ্য আহৰণ কৰাটো গুৰুত্বপূৰ্ণ আছিল৷ এই বিষয়টোক লৈ গৱেষণা কৰা মাছাচুছেটছ ইনষ্টিটিউট অব টেকনলজিৰ গৱেষক কিশালে দে’য়ে কয় যে বহুদিন আগৰে পৰা পঢ়ি আহিছোঁ যে সূৰ্যই এদিন আমাৰ সৌৰজগতক গ্ৰাস কৰিব৷ এই ঘটনা আজিৰ পৰা ৫০০ কোটি বছৰৰ পাছত হ’ব৷ সেই সময়ত পৃথিৱীখন নিমিষতে নোহোৱা হৈ পৰিব৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ২০২০ বৰ্ষত পৃথিৱীৰ পৰা ১২ হাজাৰ আলোকবৰ্ষ দূৰৈত থকা একুইলা নামৰ তাৰকাৰাজ্যত এই ঘটনাটো ঘটে৷ আনহাতে নক্ষত্ৰই এটা গ্ৰহক গ্ৰাস কৰাৰ প্ৰক্ৰিয়াটো বোধগম্য হ’বলৈ বিজ্ঞানীসকলক তিনি বছৰৰ প্ৰয়োজন হয়৷